ETV Bharat / state

UNESCO expert visits Charaideo: বিশেষজ্ঞ চিয়াঙৰ পৰ্যবেক্ষণ; বিশ্ব ঐতিহ্য হ’বলৈ কিমান দূৰ চৰাইদেউৰ পৰা ?

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 10:11 PM IST

UNESCO Representative Visit in Charaideo
ইউনেস্কোলৈ কিমান দূৰ চৰাইদেউ মৈদাম

চৰাইদেউত বাহৰ পাতিছে ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙে ৷ শনিবাৰৰ পৰা চৰাইদেউ মৈদাম পৰ্যবেক্ষণ কৰি আছে চিয়াঙে ৷

ইউনেস্কোলৈ কিমান দূৰ চৰাইদেউ মৈদাম

ডিব্ৰুগড়, 8 অক্টোবৰ : শিৱসাগৰৰ ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত উপস্থিত হ’ল ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াং ৷ দেওবাৰে পুৱাৰে পৰা লিম চিং চিয়াঙে চৰাইদেউ মৈদাম পৰিদৰ্শন কৰে ৷ পুৰাতাত্ত্বিক খননকাৰ্য চলি থকা মৈদামৰ অভ্যন্তৰত প্ৰৱেশ কৰি বিভিন্ন তথ্য সংগ্ৰহ কৰে পৰ্যবেক্ষক গৰাকীয়ে ৷ ইফালে কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ পৰা যাৱতীয় তথ্য সংগ্ৰহ কৰে পৰ্যবেক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, ইউনেস্ক’ৰ পৰ্যবেক্ষক গৰাকীয়ে মৈদাম ক্ষেত্ৰৰ প্ৰতিটো ঐতিহাসিক সমল পৰ্যবেক্ষণ কৰে ৷ কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ দায়িত্ব থকা বিষয়াসকলৰ সৈতে দিনটো ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত কটাই ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙে ৷ আনহাতে টাই আহোমৰ সকলো ৰীতি-নীতি পৰিদৰ্শন কৰাৰ লক্ষ্যৰে উপস্থিত হয় চৰাইদেউৰ কাষৰীয়া টাই খামিয়াং লোকসকলে বসবাস কৰা চলাপথাৰ শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰত ৷

প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলাপথাৰ শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰত উপস্থিত হোৱা ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙক উষ্ম আদৰণি জনাই চলাপথাৰ শ্যাম গাঁৱৰ ৰাইজে ৷ বিশেষজ্ঞগৰাকীয়ে টাই আহোম খাদ্যাভাসৰ সৈতে পৰিচিত হয় ৷ লগতে টাই খামিয়াং লোকে বিশেষজ্ঞ গৰাকীৰ আগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷ এই সকলো ব্যৱস্থাপনা চৰাইদেউ জিলা প্ৰশাসনে সুন্দৰ ৰূপত কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে ইউনেস্ক’ৰ পৰ্যবেক্ষক গৰাকীয়ে সোমবাৰ আবেলিলৈকে থাকিব চৰাইদেউ মৈদাম ক্ষেত্ৰত ৷ আনহাতে 600 বছৰীয়া আহোম ৰাজত্ব কালৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত শনিবাৰৰ পুৱাৰ পৰা ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধি লিম চিং চিয়াঙে পৰ্যবেক্ষণ কৰি আছে ৷ চৰাইদেউ মৈদামস্থলীত স্থাপন কৰা ৰেনচেঙত মলুংসকলে অনুষ্ঠিত কৰা ফুৰালুং পূজাত অংশগ্ৰহণ কৰি সন্ধিয়া মৈদামক্ষেত্ৰৰ কিছু ঠাই ভ্ৰমণ কৰিছিল বিশেষজ্ঞ গৰাকীয়ে ৷

ইউনেস্ক’ৰ এইগৰাকী প্ৰতিনিধিয়ে সঠিক প্ৰতিবেদন দাখিল কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে ৷ সকলোৱে আশা প্ৰকাশ কৰিছে এইবাৰ 600 বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব ৷

লগতে পঢ়ক: Charaideo news:চৰাইদেউলৈ ইউনেস্কোৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.