Charaideo news:চৰাইদেউলৈ ইউনেস্কোৰ প্ৰতিনিধি দল

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 12:53 PM IST

thumbnail

ডিব্ৰুগড়, 7 অক্টোবৰ : অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন । বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন ইউনেস্কোত গৃহীত হোৱাৰ পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলীয়ে ।

শনিবাৰে চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ আহিব ইউনেস্কোৰ প্ৰতিনিধি দল । আবেলি ২ বজাত এই দলে পদাৰ্পণ কৰিব ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱোজ্জল স্বাক্ষৰ বহন কৰা ঐতিহাসিক মৈদাম স্থলীত । চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনৰ বাবে থাকিব ইউনেস্কোৰ প্ৰতিনিধি দলটো । ইউনেস্কোৰ প্ৰতিনিধি দল অহাৰ পূৰ্বে ন-ৰূপত সজাই পৰাই তোলা হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ ।

এই তিনিটা দিন সাধাৰণ দৰ্শনাৰ্থীৰ বাবে ঐতিহাসিক চৰাইদেউ মৈদাম বন্ধ থাকিব বুলি জানিব পৰা গৈছে । ৭০৯ বিঘা মাটিক লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’ব লগা চৰাইদেউ মৈদাম সুন্দৰ ব্যৱস্থাপনাৰে গঢ়ি তোলাৰ বাবে চেষ্টা কৰিছে ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগে । সকলোৱে আশা প্ৰকাশ কৰিছে এইবাৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিব ।

লগতে পঢ়ক : Historic Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন ৪ কেবিনেট মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.