ETV Bharat / state

Historic Charaideo Maidam: ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন ৪ কেবিনেট মন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:04 PM IST

Historic Charaideo Maidam 4 Cabinet Minister
ঐতিহাসিক চৰাইদেউ মৈদাম ৪ কেবিনেট মন্ত্ৰী

ৰাজ্য চৰকাৰৰ ৪ জনকৈ কেবিনেট মন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে ঐতিহাসিক চৰাইদেউ মৈদাম । সাত নৱেম্বৰত চৰাইদেউলৈ আহিব UNESCO দল ৷ তাক লৈ তৎপৰতা ৰাজ্য চৰকাৰৰ ।

ঐতিহাসিক চৰাইদেউ মৈদাম ৪ কেবিনেট মন্ত্ৰী

ডিব্ৰুগড়, ৯ ছেপ্টেম্বৰ: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে ইউনেস্ক'ত গ্ৰহণ কৰা হ'ল চৰাইদেউ মৈদামৰ মনোনোয়ন । ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে দাখিল কৰা মনোনয়ন পৰ্বত সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰই ।

ইয়াৰ পাছতেই সাত নবেম্বৰত চৰাইদেউলৈ আহিব UNESCO ৰ পৰ্যবেক্ষকৰ দল । তাৰ বাবে তৎপৰতা বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ । আজি ঐতিহাসিক চৰাইদেউত উপস্থিত অসম চৰকাৰৰ চাৰিগৰাকীকৈ কেবিনেট মন্ত্ৰী । ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে UNESCOয়ে পৰিদৰ্শন কৰাৰ পূৰ্বে চৰাইদেউত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, যোগেন মহন আৰু নন্দিতা গার্লোচা ।

চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি চৰাইদেউ মৈদাম ক্ষেত্ৰ সন্দৰ্ভত কোনো ধৰণৰ বিতৰ্ক নকৰিবলৈ সকলোকে আহ্বান মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । ডচিয়াৰত উল্লেখ থকা ৭০৯ বিঘা মাটিক লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব চৰাইদেউ । UNESCO ৰ দল অহাৰ পুৰ্বে চৰাইদেউ মৈদামক লৈ আৰু কেনে ধৰণৰ কাম কৰিব লগা আছে তাক পৰ্যালোচনা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ চাৰিগৰাকী মন্ত্ৰীয়ে চৰাইদেউ মৈদাম পৰিদৰ্শন কৰা বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

শনিবাৰে কেবিনেট মন্ত্ৰী চাৰিগৰাকীৰ লগতে ৰাজ্যৰ মুখ্য সচিব, বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰী, পুৰাতত্ব বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াও উপস্থিত থাকি স্থানীয় দল-সংগঠনৰ লগতো মত বিনিময় কৰে ।

লগতে পঢ়ক: BTR Cabinet Meeting: প্ৰমোদ বড়োৰ সভাপতিত্বত BTR চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.