ETV Bharat / state

BTR Cabinet Meeting: প্ৰমোদ বড়োৰ সভাপতিত্বত BTR চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 5:20 PM IST

BTR Cabinet Meeting
BTR Cabinet Meeting

শনিবাৰে মুছলপুৰত অনুষ্ঠিত হ’ল প্ৰমোদ বড়ো চৰকাৰৰ কেবিনেট বৈঠক ৷ শিক্ষা, স্বাস্থ্য, ভূমিৰ সমস্যা আদিৰ ওপৰত আলোচনা কৰা বৈঠকত ৷

মুছলপুৰত অনুষ্ঠিত হ’ল প্ৰমোদ বড়ো চৰকাৰৰ কেবিনেট বৈঠক

বাক্সা, 9 ছেপ্টেম্বৰ: ওদালগুৰিৰ পাছত দ্বিতীয়বাৰৰ বাবে বাক্সা জিলাৰ মুছলপুৰত অনুষ্ঠিত হয় বিটিচিৰ প্ৰমোদ বড়ো চৰকাৰৰ কেবিনেট বৈঠক ৷ বিটিচিৰ বিভিন্ন ভূমি সম্পৰ্কীয় সমস্যা সমাধানক মূল বিষয় হিচাবে লৈ আলোচনা কৰা হয় শনিবাৰৰ কেবিনেট বৈঠকত ৷ ইয়াৰোপৰি শিক্ষা-স্বাস্থ্যকে ধৰি সকলো বিভাগৰ কাম-কাজ কিদৰে আগবঢ়াই নিব পাৰি তাৰ ওপৰতো আলোচনা হয় ৷ বিটিচি সচিবালয়ৰ বাহিৰত এয়া দ্বিতীয়খন কেবিনেট বৈঠক ৷

দুৰাৰোগ্য কৰ্কট ৰোগীৰ বাবে উন্নত চিকিৎসালয়‌কে আদি কৰি সকলো দিশৰ আলোচনা হয় কেবিনেট বৈঠকত ৷ বাক্সা জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সভাপতিত্বত অনুষ্ঠিত বিটিচিৰ কেবিনেট বৈঠকৰ অন্তত এই কথা জানিবলৈ দিয়ে বিটিচি (BTC) পৰিষদৰ মুখপাত্ৰ তথা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই ৷

তেওঁ BTRক সেউজীয়া কৰাৰ সংকল্পেৰে আগবঢ়া বুলি উল্লেখ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে গছপুলি ৰোপনৰ কাৰ্যসূচীৰ দ্বাৰা ৰাইজক এক বাৰ্তা প্ৰদান কৰাৰ চেষ্টা হ’ব বুলি উল্লেখ কৰে ৷ তদুপৰি বিটিচিৰ বিভিন্ন অঞ্চলত চলা উচ্ছেদ সম্পৰ্কত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে সেয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ ৷ পূৰ্বৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ দিনতে এই নিৰ্দেশ দিয়া হৈছিল ৷ ইয়াত বৰ্তমানৰ চৰকাৰৰ কোনো ভূমিকা নাই ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপন হোৱা কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত তেওঁ কয় যে বৈঠকত এই সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই ৷ এই দিশ অসম চৰকাৰে বিবেচনা কৰিব ৷ শনিবাৰৰ বৈঠকত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীকে ধৰি বিভাগীয় কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Amrit Brikshya Andolan: বিশ্ব অভিলেখৰ চেষ্টা; খানাপাৰত 23 কি.মি দৈৰ্ঘ্যৰ সৰ্পিল আকৃতিৰ গছপুলিৰ শাৰী সাজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.