অসম

assam

Dangerous Boat Journey: দলং নাই; বছৰ বছৰ ধৰি টুলুঙা নাৱেৰে চেঙাজানত ৰাইজৰ বিপদসংকুল যাত্ৰা

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 1:34 PM IST

বিকশিত অসমৰ এখন পশ্চাদপদ ছবি ৷ টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা কৰি আছে গঞা ৰাইজে ৷ মৰণত শৰণ দি নদী পাৰাপাৰ হয় প্ৰতিদিনে ৷ উপযুক্ত যাতায়াত ব্যৱস্থা নাই চেঙাজানত ৷ বিপাঙত চেঙাজানবাসী ৷

Dangerous Boat Journey
টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা

টুলুঙা নাৱেৰে বিপদসংকুল যাত্ৰা

জোনাই, ১৪ ছেপ্টেম্বৰ : জোনাই বিধানসভা সমষ্টিৰ চমকঙ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেঙাজান অঞ্চলৰ দৃশ্যই চকু কঁপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ জোনাই ৰাজহ চক্ৰৰ চমকং গাঁও পঞ্চায়তৰ কাৱৈমাৰী আৰু লালী নদীৰ সংগমস্থলীত নাই এখনো দলং ৷ ফলত টুলুঙা নাৱেৰে পাৰাপাৰ হৈ আহিছে দহখনৰো অধিকনৈপৰীয়া গাঁৱৰ ৰাইজে । নাৱেৰে যাতায়ত কৰাৰ ফলত এই স্থানত বহু বাৰ দুৰ্ঘটনাও সংঘটিত হৈছে ।

নৈপৰীয়া গাঁৱৰ একমাত্ৰ ভৰসা এই টুলুঙা নাওখন ৷ স্বাধীনোত্তৰ কালৰে পৰা ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বক্ষত বসতি স্থাপন কৰা চেঙাজান গোৱালা, সৌৰাংশ্ৰী, লালী নদীৰ দাঁতি কাষত অৱস্থিত চেঙাজান কৈবৰ্ত, অপ্সৰা, লাম্বা চাপৰি, লাম্বা মিলন, লাম্বা মিচিং, পাকৰী, কাংকান চাপৰি, বদলপুৰকে ধৰি দহখনৰো অধিক নৈপৰীয়া কৃষিজীৱি গাঁৱৰ ৰাইজে দশক দশক কাল ধৰি হাত নাও কিম্বা চাইকেলেৰেই বহিঃজগতৰ সৈতে অতি কষ্টৰে যোগাযোগ কৰিব লগাত পৰিছে ।

অতি পৰিতাপৰ বিষয় যে, চেঙাজান অঞ্চলৰ নৈপৰীয়া গাঁও কেইখনত আজিলৈকে এখনো হাইস্কুল নাই ৷ আনকি উক্ত অঞ্চলটোত নাই এটা উপ স্বাস্থ্য কেন্দ্ৰও । এই অঞ্চলৰ গঞা ৰোগত আক্ৰান্ত হ’লে ঠেলা, হাত নাৱেৰে চিকিৎসালয়লৈ নিব লাগে ৷ যাৰ ফলত মৃত্যু মুখতো পৰিছে বহু লোক ৷ কিন্তু কাৰো যেন কাণষাৰ নাই এই বিষয়ত ৷

কেবাটাও দশক দশক ধৰি হাত নাৱেৰে লালী নদী পাৰাপাৰ হৈ অহাৰ লগতে খৰালিত এখন বাঁহৰ দলঙেই যাতায়তৰ একমাত্ৰ ভৰষা হৈ পৰিছে এই গঞা ৰাইজৰ বাবে । বাৰিষাৰ সময়ছোৱাত হাত নাৱেৰে ছাত্ৰ-ছাত্ৰীয়ে বিপদসংকুলভাৱে যাতায়ত কৰি স্কুল, কলেজলৈ অহা-যোৱা কৰে ।

চেঙাজান অঞ্চলৰ নৈপৰীয়া কৃষিজীৱি ৰাইজে নদীখনৰ ওপৰত পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো আবেদন নিবেদন কৰিছিল ৷ কিন্তু ইমানৰ পাচতো আজি পৰ্যন্ত বিভাগীয় কৰ্তপক্ষই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সেয়ে অতি শীঘ্ৰে বৃহৎ অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ এখন পকী দলং অথবা চৰকাৰী নাৱৰ ব্যৱস্থা কৰি দিবলৈ দাবী তুলিছে স্থানীয় নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক :Request for bridge: ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিৰ শিক্ষাৰ্থীয়ে কৰযোৰে বিচাৰিব লগীয়া হৈছে দলং

ABOUT THE AUTHOR

...view details