অসম

assam

দীপাৱলীৰ প্ৰাক ক্ষণত দৰঙত সজাগতামূলক শোভাযাত্ৰা

By

Published : Nov 13, 2020, 3:56 PM IST

শব্দ, বায়ু প্ৰদূষিত নকৰাকৈ দীপাৱলী উদযাপনৰ বাবে দৰঙৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস। দৰং জিলা প্ৰশাসন, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰু মঙলদৈ পৌৰ সভাৰ উদ্যোগত সেউজ দীপাৱলী শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা।

দীপাৱলীৰ প্ৰাক ক্ষণত দৰঙত সজাগতামূলক শোভাযাত্ৰা
দীপাৱলীৰ প্ৰাক ক্ষণত দৰঙত সজাগতামূলক শোভাযাত্ৰা

দৰং, ১৩ নৱেম্বৰ: পোহৰৰ উৎসৱটি প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যেৰে দৰঙৰ ৰাজপথত সেউজ দীপাৱলী শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা । বায়ু প্ৰদূষিত কৰিব পৰা আতচবাজিৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাৰ লগতে বিকট শব্দ সৃষ্টি কৰি ফটকা ফুটাই শব্দ প্ৰদূষণ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে জিলা প্ৰশাসনে। সেয়ে, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰু মঙলদৈ পৌৰসভাৰ সহযোগত জিলা প্ৰশাসনে সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰে।

মহিলাসকলে সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰি শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি সেউজ দীপাৱলীৰ সজাগতামূলক বাৰ্তা ৰাইজৰ মাজত বিলাই দিয়ে ৷ এই শোভাযাত্ৰাত স্থানীয় বিধায়ক গুৰুজ্যোতি দাস আৰু জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰায়ো অংশগ্ৰহণ কৰে। স্থানীয় বিধায়ক আৰু উপায়ুক্ত গৰাকীয়ে বায়ু আৰু শব্দ প্ৰদূষণবিহীন সেউজ দীপাৱালী উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনায় ।

কিয়নো বায়ু প্ৰদূষণে জীৱকুললৈ ভয়াৱহ বিপদ কঢ়িয়াই আনে আৰু বৰ্তমান প্ৰদূষণ বৃদ্ধি হ'লে মহামাৰীৰ সংক্ৰমণো বৃদ্ধি হোৱাৰ আশংকা আহি পৰিছে । বায়ু প্ৰদূষণে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈ দিল্লীবাসীয়ে অতিবাহিত কৰা দুৰ্বিসহ জীৱনৰ বিষয়ে সকলোৱে জ্ঞাত। সেয়ে, প্ৰদূষণ ৰোধৰ বাবে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিছে দৰং জিলা প্ৰশাসনে।

লগতে পঢ়ক:সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ABOUT THE AUTHOR

...view details