ETV Bharat / state

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

author img

By

Published : Nov 12, 2020, 10:37 PM IST

সাংবাদিক পৰাগ ভূঞাৰ শোকাৱহ মৃত্যুত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বৃহস্পতিবাৰে বিশ্বনাথ প্ৰেছ ক্লাৱে সাহিত্য সভা ভৱনৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ ইপিনে, পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি উচিত তদন্তৰ দাবী জনায় সাংবাদিক পুলক হাজৰিকাই ।

Tribute in Bishwanath on the death of journalist Parag Bhuyan
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুত বিশ্বনাথত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বিশ্বনাথ,১২ নৱেম্বৰঃ সাংবাদিক পৰাগ ভূঞাৰ শোকাৱহ মৃত্যুত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ বৃহস্পতিবাৰে বিশ্বনাথ প্ৰেছ ক্লাৱে সাহিত্য সভা ভৱনৰ প্ৰাংগনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ৷ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত বিশ্বনাথৰ সকলো সাংবাদিকে অংশগ্ৰহণ কৰা লগতে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিৰণ্য হাজৰিকাৰ উপৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷

ইপিনে, পৰাগ ভূঞাৰ মৃত্যুক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দি উচিত তদন্তৰ দাবী জনায় সাংবাদিক পুলক হাজৰিকাই । উল্লেখযোগ্য যে, কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে CIDক দায়িত্ব অৰ্পণ কৰিছে ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ত ভূপেন হাজৰিকাৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে আবন্টিত ভূমি বিক্ৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.