অসম

assam

এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ কৱলত চৰাইপুং

By

Published : Aug 4, 2021, 9:42 PM IST

চৰাইদেউ জিলাৰ চৰাইপুং অঞ্চলৰ 8 কিলোমিটাৰ ভিতৰলৈকে আবাসগৃহ, শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান স্থাপন কৰিলে অৰুণাচল প্ৰশাসনৰ সহযোগত অৰুণাচলৰ লোকে ৷ অভিযোগ অনুসৰি চৰাইপুং অঞ্চলৰ প্ৰায় ২,৪০০ হেক্টৰ মাটি এতিয়া অৰুণাচলী বেদখলকাৰীৰ কৱলত ।

encroachment
লাইলাপুৰৰ পাছত এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ কৱলত চৰাইপুং

মৰাণ, 4 আগষ্ট : সীমা সমস্যাক লৈ চুবুৰীৰ ৰাজ্য কেইখনৰ লগত প্ৰায়ে সংঘাতত লিপ্ত হৈ আহিছে অসম ৷ উত্তৰ-পূৰ্বাঞ্চলৰ সীমা সমস্যা দীৰ্ঘদিনীয়া যদিও এই সমস্যা সমাধানৰ বাবে আজিকোপতি কেন্দ্ৰীয় চৰকাৰে স্পষ্টৰূপত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ কাণ্ড সংঘটিত হোৱাৰ এমাহ সম্পূৰ্ণ নৌহওঁতেই চৰাইদেউ জিলাৰ সমীপৰ অসম-অৰুণাচল সীমান্তত আগ্ৰাসনৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ অনুসৰি চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুং অঞ্চলৰ প্ৰায় ২,৪০০ হেক্টৰ মাটি এতিয়া অৰুণাচলী বেদখলকাৰীৰ কৱলত । অসমৰ মাটিত অৰুণাচলৰ লোকে স্থায়ীভাৱে ঘৰ সাজি বসবাস কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে ৷ তদুপৰি অৰুণাচলৰ প্ৰদেশৰ প্ৰশাসনে অসমৰ মাটিত শিক্ষানুষ্ঠান স্থাপন কৰাৰো অভিযোগ উত্থাপন কৰিছে সীমান্তৱৰ্তী অঞ্চলৰ লোক সকলে ৷

লগতে পঢ়ক :লাইলাপুৰ আহত জোৱান সকলৰ কাষত ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ দল

১৯৬২ চনৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰি চৰাইপুং অঞ্চলত অবিভক্ত শিৱসাগৰ আৰু নেফাৰ (বৰ্তমান অৰুণাচল) সীমা টীয়ক নদীখনকেই নিৰ্ধাৰণ কৰিছিল । আনহাতে ১৯৭২ চনত পৃথক ৰাজ্যৰ মৰ্যদা পোৱাৰ পাছতো ১৯৬২ চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপকে মানি লয় অৰুণাচল প্ৰদেশৰ প্ৰশাসনে । কিন্তু শেহতীয়াকৈ কিছু বছৰৰ পৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আৰু অৰুণাচলীৰ সহযোগত অসম-অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা টীয়ক নদী পাৰ হৈ প্ৰায় 8 কিলোমিটাৰ অসমৰ ভিতৰলৈ নিৰ্ধাৰণ কৰিছে ৷

লাইলাপুৰৰ পাছত এইবাৰ অৰুণাচলীৰ আগ্ৰাসনৰ কৱলত চৰাইপুং

বিশেষকৈ চৰাইপুং অঞ্চলত থকা লাহদৈ গড়টোক অসম-অৰুণাচল প্ৰদেশৰ সীমা বুলি দাবী কৰি অসমৰ মাটি দখল কৰি এক উত্তেজনাৰ সৃষ্টি কৰি আহিছে একাংশ অৰুণাচলৰ লোকে । তেনে এক পৰিস্থিতিৰ মাজতে ২০১০ চনত অসমৰ চৰাইপুং আৰক্ষী থানাৰ গৃহ একাংশ অৰুণাচলী দুষ্কৃতিকাৰীয়ে ভাঙি পেলায় ৷ সেই সময়ত তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইনকে ধৰি অসম চৰকাৰৰ মন্ত্ৰী, আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ২৯ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাই ঘটনাস্থলী পৰিদৰ্শন কৰিছিল ৷

লগতে পঢ়ক :আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলাৰ সমিতিয়ে অভিযোগ কৰা মতে বৰ্তমানৰ চৰাদেউ জিলাৰ চৰাইপুং অঞ্চলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা আশ্বাস প্ৰদান কৰা হৈছিল ৷ সেই সময়ৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আজি মুখ্যমন্ত্ৰী হ'ল আৰু সেই সময়ৰ আছুৰ নেতা তপন কুমাৰ গগৈ আজি সাংসদ হ'ল ৷ ইয়াৰ পাচতো চৰাইদেউ জিলাৰ চুৰাইপুং অঞ্চলৰ সমীপৰ অসম-অৰুণাচল সীমা সমস্যা সমাধান নোহোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে AJYCP ৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া সকলে ৷

লগতে পঢ়ক :কৃষি বিভাগৰ কেলেংকাৰী-চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ উত্তাল বিধানসভা

ABOUT THE AUTHOR

...view details