ETV Bharat / state

কৃষি বিভাগৰ কেলেংকাৰী-চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ উত্তাল বিধানসভা

author img

By

Published : Aug 4, 2021, 3:14 PM IST

দুসপ্তাহৰ বিৰতিৰ অন্তত পুনৰ বুধবাৰৰ পৰা আৰম্ভ হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) চৰকাৰৰ আমোলৰ প্ৰথমখন বাজেট অধিবেশন ৷ 26 জুলাইত অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তই অসম আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 6 জনকৈ আৰক্ষীৰ জোৱান নিহত হৈছিল ৷ এই ঘটনাক লৈ আজি সৰৱ হৈ পৰে বিধানসভাৰ মজিয়া ৷

assam legislative assembly
কৃষি বিভাগৰ কেলেংকাৰী-চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ উত্তাল বিধানসভা

গুৱাহাটী, ৪ আগষ্ট : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM Kisan Samman Nidhi )ৰ নামত ৰাজ্যৰ কৃষি বিভাগ (Agriculture Department)ত সংঘটিত বিয়াগোম কেলেংকাৰীক কেন্দ্ৰ কৰি বুধবাৰে উত্তাল হৈ পৰে বিধানসভা(Assam Legislative Assembly)ৰ মজিয়া । বিৰোধী দলপতি দেবব্ৰত শইকীয়া (Opposition Leader Debabrata Saikia)ই সদনত বুধবাৰে বিষয়টো উত্থাপন কৰি কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM Kisan Samman Nidhi )ৰ নামত ৰাজ্যৰ কৃষি বিভাগত সংঘটিত কেলেংকাৰীৰ তদন্তৰ দায়িত্ব তাৎক্ষণিক ভাৱে চি বি আই (CBI)ক অৰ্পণ কৰিব লাগে ।

বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনো সৰৱ হৈ পৰে কৃষি বিভাগৰ কেলেংকাৰীক লৈ । ফলত শাসক-বিৰোধীৰ তুমুল বাক-বিতণ্ডাত উত্তাল হৈ পৰে বিধানসভা । বিৰোধীয়ে হাতে হাতে প্লে কাৰ্ড লৈ অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি আহি প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধী দলপতিগৰাকীয়ে কয় যে শেহতীয়াকৈ কৃষি বিভাগে গাইড লাইন সলনি কৰি অৰ্থনীতিকেই নীতি কৰিব বিচাৰিছে । কৃষক নোহোৱাকৈও পি এম কিষাণৰ ধন কেনেকৈ বহুতৰ একাউন্টত সোমাল তাকে লৈও খৰ্গহস্ত হৈ পৰে বিৰোধী । ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটাত অধ্যক্ষই ৪০ মিনিটৰ বাবে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।

ইপিনে অসম-মিজোৰাম সীমান্ত(Assam-Mizoram Border)ৰ ঘটনাক লৈও আজি উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া । বিৰোধী দলপতি দেবব্ৰত শইকীয়াই সদনত কয় যে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন ধাৰাবাহিকভাৱে চলি থকাৰ পিছতো দিছপুৰত চৰকাৰখনে হাত সাৱটি বহি থকাটো দুৰ্ভাগ্যজনক । তেওঁ কয় যে এই পৰ্যন্ত চুবুৰীয়া ৰাজ্যসমূহে ২০৯ বাৰ অসমক আক্ৰমণ কৰিছে । ২০০৭ চনৰ পৰাই চলি আহিছে এই সংঘাত ।

লগতে পঢ়ক : আজিৰে পৰা পুনৰ আৰম্ভ হ’ল বাজেট অধিৱেশন: লাভলীনাৰ খেলৰ সাক্ষী হ'ব সদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.