ETV Bharat / state

আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

author img

By

Published : Aug 4, 2021, 5:04 PM IST

পলাশবাৰী আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত বগা ৷ আৰক্ষীৰ জিম্মাৰ পাৰ পলায়ন কৰিবলৈ লওঁতেই এনকাণ্টাৰ পলাশবাৰী আৰক্ষীৰ ৷ গুৰুতৰভাৱে আহত বগা এতিয়া GMCH ত ৷

Palashbari police encounter
দুৰ্ধৰ্ষ ডকাইট বগাক এনকাউণ্টাৰ পলাশবাৰী আৰক্ষীৰ

ছয়গাঁও, ৪ আগষ্ট : আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত বগা। দক্ষিণ কামৰূপৰ বিজয়নগৰত দিন দুপৰতেই ব্যৱসায়িক গুলিয়াই হত্যাৰ চেষ্টা চলাই কৰায়ত্ব হোৱা বগাই আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল ৷ তেনে পৰিপ্ৰেক্ষিত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন বগা।

একাধিক হত্যা, ডকাইতি আৰু চুৰিৰ গোচৰত অভিযুক্ত আনোৱাৰ হুছেইন ওৰফে বগা ৷ বগা আৰু তফিকুল আলি ওৰফে টেকেলি নামৰ দুই চোৰক সোমবাৰে নিশা আটক কৰিছিল পলাশবাৰী আৰক্ষীয়ে । পলাশবাৰী আৰক্ষীৰ জিম্মাত থকা বগা চোৰে বুধবাৰে দুপৰীয়া অস্ত্ৰৰ সন্ধান দিয়াৰ বাবে বৰিহাট ভাল্লালৈ নি আৰক্ষীৰ জিম্মাৰ পৰাই পলায়ন কৰিব বিচাৰোতেই আৰক্ষীয়ে গুলীয়াই আহত কৰে ৷

লগতে পঢ়ক : লক আপত বগা-টেকেলি

দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্ৰস্বৰূপ বিজয়নগৰত যোৱা দেওবাৰে দিন দুপৰতেই এগৰাকী ব্যৱসায়িক পিষ্টলেৰে হত্যাৰ চেষ্টা চলাইছিল এই দুই দুধৰ্ষ অপৰাধীয়ে । ঘটনা অনুসৰি দেওবাৰে দুপৰীয়া এখন নম্বৰ প্লেট বিহীন পালচাৰ মটৰ চাইকেলেৰে আহি দুই চোৰে প্ৰবেশ কৰে "অসম ষ্টোৰ" নামৰ দোকানখনত ৷ দুয়ো হেলমেট পিন্ধি দোকানত অতৰ্কিতে মালিক পৱন কুমাৰ আগৰৱালক আক্ৰমণ কৰে ।

ব্যৱসায়ী পৱন কুমাৰ আগৰৱালক পিষ্টল দেখুৱাই গুলিওৱাৰ ভাবুকি দিছিল যদিও পৱন কুমাৰ আগৰৱালাই আত্মৰক্ষাৰ চেষ্টা চলাই চিঞৰ বাখৰ কৰে ৷ পৱন কুমাৰে দুই দুৰ্বৃত্তৰ পিষ্টল হাতেৰে খামুচি ধৰাত হেলমেটেৰে আক্ৰমণ কৰে বগা আৰু টেকেলিয়ে । চিঞৰ বাখৰ শুনাৰ লগে লগে স্থানীয় লোকে ভিৰ কৰাত মটৰ চাইকেলখন এৰি দুয়ো বিজয়নগৰৰ মাজ মজিয়াৰ পৰাই মূহুৰ্তৰ ভিতৰতে পলায়ন কৰে ।

লগতে পঢ়ক: বাহনত 'Press'লিখি দলিল বিক্ৰীৰ বেহা

আধা কিলোমিটাৰ দূৰৈত থকা বিজয়নগৰ আৰক্ষীৰ চকুৰ সন্মুখেৰে দুই পিষ্টলধাৰী পলাবলৈ সক্ষম হৈছিল । সোমবাৰে নিশা ঘটনাৰ লগত জড়িত বিজয়নগৰ হালীগাঁৱৰ তফিকুল আলি ওৰফে টেকেলি চোৰক ঘৰৰ পৰা আৰু আনোৱাৰ হুছেইন ওৰফে বগা চোৰক সোণতলীৰ পৰা কৰিছিল পলাশবাৰী আৰক্ষীয়ে ৷

উল্লেখ্য যে, এই বিজয়নগৰতেই প্ৰায় দুবছৰ পূৰ্বে শান্তিলাল জৈন নামৰ এগৰাকী ব্যৱসায়িক এই দুধৰ্ষ বগা চোৰেই গুলিয়াই হত্যা কৰিছিল । একাধিক গোচৰত অভিযুক্ত বগা চোৰৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই আছিল এক ক’লা সাম্ৰাজ্য।

লগতে পঢ়ক:বগা-টেকেলি আলহী হ'ল বিজয়নগৰ আৰক্ষী চকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.