অসম

assam

Remembering Labor Leader: শ্ৰমিক নেতা আব্দুল কৰিম ভূঞাৰ স্মৃতিত আলোচনা চক্ৰ

By

Published : Jan 30, 2023, 10:26 AM IST

চি পি আই (এম) কলগাছিয়া আৰু তিতাপানী লোকেল কমিটিৰ উদ্যোগত প্ৰয়াত শ্ৰমিক নেতা আব্দুল কৰিম ভূঞাৰ স্মৃতিত অনুষ্ঠিত হয় এখন চিন্তাগধুৰ আলোচনা চক্ৰ (Seminar in memory of Abdul Karim Bhuyan) ।

Etv Bharat
Etv Bharat

শ্ৰমিক নেতা আব্দুল কৰিম ভূঞাৰ স্মৃতিত আলোচনা চক্ৰ অনুষ্ঠিত

কলগাছিয়া, 30 জানুৱাৰী :বৰপেটা জিলাৰকলগাছিয়াত দেওবাৰে অনুষ্ঠিত হয় এক মননস্পৰ্শী আলোচনা চক্ৰ (Seminar in memory of Abdul Karim Bhuyan)।শ্ৰমিক নেতা প্ৰয়াত আব্দুল কৰিম ভূঞাৰ ম্মৃতিত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি আৰু আলোচনা চক্ৰখনৰ । সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি, বিশিষ্ট বামপন্থী নেতাৰ লগতে সুদক্ষ খেলুৱৈ, প্ৰবীণ অভিনেতা আৰু নাট্যকাৰ হিচাপে জনপ্ৰিয়তা আৰ্জিছিল আব্দুল কৰিম ভূঞাই (Leader of Communist party of Indian Marxism) ৷

বিগত ২০১৪ বৰ্ষৰ ২৬ জানুৱাৰীৰ দিনা মৃত্যু ঘটিছিল আব্দুল কৰিম ভূঞাৰ । দেওবাৰে চি পি আই (এম)ৰ কলগাছিয়া আৰু তিতাপানী আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত আৰু কলগাছিয়াৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন জ্যোতি ৰাভা নজৰুল সংঘৰ সহযোগত প্ৰয়াত ভূঞাৰ নৱম মৃত্যু বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে জ্যোতি ৰাভা নজৰুল সংঘৰ প্ৰতিস্থাপক সভাপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় (Tribute to Abdul Karim Bhuyan)।

আব্দুল কৰিম ভূঞাৰ জীৱনাদৰ্শনক সোঁৱৰি আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানটোত গণতন্ত্ৰৰ সংকট, সাম্প্ৰদায়িকতাৰ ভয়াৱহতা আৰু প্ৰয়াত জননেতা আব্দুল কৰিম ভূঞাৰ প্ৰাসংগিকতা শীৰ্ষক এখনি চিন্তাস্পৰ্শী আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয় সংঘৰ বাকৰিত । মনোজ্ঞ আলোচনা চক্ৰখনিত প্ৰয়াত আব্দুল কৰিম ভূঞাই অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজক লগত লৈ বাট বুলোৱাৰ লগতে কেনেদৰে সম্প্ৰীতিৰ বাৰ্তা বহণ কৰিছিল, সেইয়া আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰা বক্তাসকলে উল্লেখ কৰে ৷ তদুপৰি আজিৰ সমাজখনক আব্দুল কৰিম ভূঞাৰ আদৰ্শৰ বাটেৰে খোজ কাঢ়ি উদ্বুদ্ধ হ’বলৈ সকলোকে আহ্বান জনায় (Remembering labor leader Abdul Karim Bhuyan in kalgasia)৷

অধ্যাপক আবু বক্কাৰ ছিদ্দিকৰ সঞ্চালনাত অনুষ্ঠিত মনোজ্ঞ আলোচনা চক্ৰখনিত অধ্যাপক ড৹ বিজন কূণ্ড, অধ্যাপক ড৹ চুলতান আহমেদ, প্ৰবীণ শিক্ষাবিদ সমাজকৰ্মী এম মোজাম্মিল হুছেইন, অধ্যাপক ড৹ শ্বেৰমান আলি, প্ৰবীণ সাংবাদিক আব্দুল হামিদ, শ্বহীদুল ইছলাম, চি পি আই (এম) নেতা হিতেশ নাথ, পিয়াৰুল ইছলাম, শ্বেখ আমজাদ হুছেইনৰ লগতে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰুস্তম আলিয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰোপৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিয়ে আলোচনা চক্ৰখনিত অংশগ্ৰহণ কৰে (Democratic Youth Federation of India)।
আলোচনা চক্ৰৰ বিষয় বস্তু উত্থাপন কৰে পাৰ্টিৰ কলগাছিয়া লোকেল কমিটিৰ সম্পাদক চান মামুদ আহমেদে । অনুষ্ঠানটোত প্ৰয়াত কৰিম ভূঞাৰ শতাধিক গুণমুগ্ধ উপস্থিত থাকে ।

লগতে পঢ়ক :Taliban ban women’s education: মহিলাৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুনৰ ফটোৱা জাৰি তালিবানৰ

ABOUT THE AUTHOR

...view details