ETV Bharat / international

Taliban ban women’s education: মহিলাৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুনৰ ফটোৱা জাৰি তালিবানৰ

author img

By

Published : Jan 29, 2023, 1:04 PM IST

Updated : Jan 29, 2023, 2:05 PM IST

Taliban ban women’s education
উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত পুনৰ ফটোৱা জাৰি তালিবানৰ

তালিবানে আফগানিস্তানৰ ৰাজধানী দখল কৰাৰ পাচতে স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা । এইবাৰ নাৰী শিক্ষা সন্দৰ্ভত পুনৰ ফটোৱা জাৰি তালিবানৰ (Taliban issued statement on women’s education)৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 29 জানুৱাৰী : আফগানিস্তানত অব্যাহত আছে তালিবানৰ সন্ত্ৰাস ৷ 2021 বৰ্ষত দেশখনত নিজৰ আধিপত্য বিস্তাৰৰ পাচৰে পৰা তালিবানে জাৰি কৰি আহিছে কঠোৰতকৈ কঠোৰ বাধা-নিষেধাজ্ঞা ৷ আৰম্ভণিৰে পৰা বলপূৰ্বকভাৱে ইছলামিক নীতি-নিয়মৰ প্ৰয়োগ কৰি নাৰী-পুৰুষ নিৰ্বিশেষে শিশুৰো শিক্ষা, স্বাস্থ্যৰ লগতে মুক্তভাৱে জীয়াই থকাৰ অধিকাৰ হৰণৰ বাবে জাৰি কৰি আহিছে ফটোৱা ৷

শেহতীয়া এক নিৰ্দেশনাযোগে তালিবানে অহা মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত মহিলা শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত জাৰি কৰিছে নিষেধাজ্ঞা (Taliban issued statement on women’s education) ৷ এই কথা জানিবলৈ দিছে আফগানিস্তানৰ এক সংবাদ সংস্থাই । তালিবানৰ উচ্চ শিক্ষা মন্ত্ৰালয়ে বিশ্ববিদ্যালয়সমূহলৈ জাননী প্ৰেৰণ কৰিছে য’ত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী জাননী প্ৰদান নকৰালৈকে মহিলা শিক্ষাৰ্থীসকলে পৰীক্ষাৰ বাবে আবেদন কৰিব নোৱাৰিব বুলি ।

প্ৰকৃততে তালিবানসকলে সৌৰ বৰ্ষ ১৪০২ অনুসৰি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে মহিলাসকলক পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা ৷ এই ঘোষণাৰ পিচতে আফগান প্ৰশাসনে মহিলাসকলক বেচৰকাৰী সংস্থাত কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ আন এক নিৰ্দেশনা প্ৰদান কৰে, যিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষোভৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বুলি সংবাদ সংস্থাটোৱে জানিবলৈ দিছে ।

তালিবানে আফগান মহিলাৰ উচ্চ শিক্ষা তথা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ওপৰত অনিৰ্দিষ্টকালীন নিষেধাজ্ঞা আৰোপ কৰাৰ পিচত জাঙুৰ খাই উঠিছে দেশখনৰ মানৱতাবাদী সংগঠনসমূহ ৷ আনকি Education Cannot Wait (ECW) ৰ দৰে সংগঠনসমূহ তালিবানে প্ৰদান কৰা এই নিৰ্দেশনাৰ পিচত বিমোৰত পৰা পৰিলক্ষিত হৈছে ৷ তালিবান কৰ্তৃপক্ষক আফগান মহিলাৰ বিশ্ববিদ্যালয়ৰ শিক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাইছে বিভিন্ন সংগঠনসমূহে ।

ইয়াৰ পূৰ্বে Organization of Islamic Cooperation য়ে চলিত মাহৰ আৰম্ভণিতে তালিবান চৰকাৰক মহিলাসকলৰ শিক্ষাৰ সুবিধা নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ লগতে বেচৰকাৰী সংস্থাত কাম কৰাৰ বিষয়ে আলোচনা কৰিবলৈ বৈঠকত মিলিত হৈছিল বুলি জানিবলৈ পৰা গৈছে ৷ বহু ইছলামিক দেশ আৰু সংগঠনে মহিলা আৰু ছোৱালীৰ কৰ্ম আৰু শিক্ষাৰ সুবিধা নিষিদ্ধকৰণক ইছলামিক আইন উলংঘা কৰা বুলি গৰিহণা দিছে । তালিবানৰ এই কাৰ্যক বিভিন্ন দল-সংগঠনে গৰিহণা প্ৰদান কৰাৰ লগতে এয়া ইছলামিক আইনৰ পৰিপন্থী বুলি তালিবানৰ কৰ্ম-কাণ্ডক ধিক্কাৰ দিয়ে ৷

উল্লেখ্য যে, ২০২১ বৰ্ষত তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল নিজৰ দখললৈ আনে আৰু তেতিয়াৰ পৰাই দেশখনৰ নাগৰিকৰ স্বাভাৱিক জীৱন যাত্ৰাত অভাৱনীয় পৰিৱৰ্তন অহাৰ লগতে নানান ধৰণৰ ফটোৱা জাৰিৰে ব্যক্তিগত স্বাধীনতাক হস্তক্ষেপ কৰা পৰিলক্ষিত হয় ৷ আনকি নাৰীৰ লগতে সাধাৰণ শ্ৰেণীৰ লোকেও তালিবানৰ ভয়ত চাৰি বেৰৰ মাজত আৱদ্ধ হৈ পৰাৰ খবৰ আন্তঃৰাষ্ট্ৰীয় সূত্ৰে পোৱা গৈছে ৷

লগতে পঢ়ক : Morigaon Book fair 2023 : কুৰিখন গ্ৰন্থ উন্মোচনেৰে সামৰণি পৰিল মৰিগাঁও গ্ৰন্থমেলাৰ

Last Updated :Jan 29, 2023, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.