অসম

assam

মুল্যবৃদ্ধি ৰোধৰ দাবীত বাক্সাত আছুৰ গণ বিক্ষোভ

By

Published : Aug 7, 2021, 8:29 PM IST

হাতে হাতে প্লে কাৰ্ড লৈ যোগান মন্ত্ৰী ৰণজিৎ দাস হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, মুল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ অধীনস্থ গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

rotest-against-price-rise-at-baksa
মুল্যবৃদ্ধি ৰোধৰ দাবীত বাক্সাত আছুৰ গণ বিক্ষোভ

বৰপেটাৰোড, 7 আগষ্ট :সদৌ অসম ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ অধীনস্থ গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই গাঁতি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় চৌহদত মিঠাতেল, আলু, দালি আদি অত্যাৱশ্যকীয় সামগ্ৰী সন্মুখত ৰাখি হাতে হাতে প্লে কাৰ্ড লৈ যোগান মন্ত্ৰী ৰণজিৎ দাস হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, মুল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদস্থলীত বাক্সা জিলা ছাত্ৰ সন্থাৰত মুখ্য সাংগঠনিক সম্পাদক জুবিন দাসে কয় যে, কৰ’ণা মহামাৰীৰ বাবে অৰ্থনৈতিক দিশত সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে ৷ তেনেক্ষেত্ৰত চৰকাৰে যদি অতিশীঘ্ৰে পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ নকৰে তেন্তে অনাগত দিনত ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব সংগঠনটোৱে ৷

মুল্যবৃদ্ধি ৰোধৰ দাবীত বাক্সাত আছুৰ গণ বিক্ষোভ

উল্লেখ্য যে, শুকুৰবাৰে ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিয়ে ।

ঐতিহাসিক চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে সাপেখাতী বজাৰ তিনিআলিত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক বিষয়ববীয়াই সাব্যস্ত কৰিছিল এই বিক্ষোভ কাৰ্যসূচী । বিক্ষোভ কাৰ্যসূচীত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমণি গগৈ, সম্পাদক বৈকুণ্ঠ গগৈ, উপদেষ্টা ক্ৰমে অচ্যুত দাস আৰু বিকাশ শৰ্মাৰ লগতে অৰ্ধ শতাধিক বিষয়-ববীয়াই অংশগ্ৰহণ কৰি অতি শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই দাবী জনায় ।

পৰৱৰ্তী সময়ত যদি এই দাবী মানি নলয়, তেতিয়া চৰকাৰৰ বিৰুদ্ধে অধিক শক্তিশালী প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ।

লগতে পঢ়ক:যোগানমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details