ETV Bharat / city

যোগানমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 7, 2021, 9:59 AM IST

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিয়ে । বিক্ষোভ কাৰ্যসূচীত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি গগৈৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক বিষয়-ববীয়াই অংশগ্ৰহণ কৰি অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ।

protest-against-price-rise-at-sapekhati-etv-bharat-assam-news
যোগান মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল চৰাইদেউৰ সাপেখাতী

মৰাণ, 7 আগষ্ট : ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিয়ে । ঐতিহাসিক চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে সাপেখাতী বজাৰ তিনিআলিত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক বিষয়ববীয়াই সাব্যস্ত কৰে বিক্ষোভ কাৰ্যসূচী ।

যোগান মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল চৰাইদেউৰ সাপেখাতী

হাতে হাতে প্লে-কাৰ্ড লৈ আছু কৰ্মীসকলে পেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা শাসনাধিষ্ঠ অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ বিক্ষোভ কাৰ্যসূচীত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমণি গগৈ, সম্পাদক বৈকুণ্ঠ গগৈ, উপদেষ্টা ক্ৰমে অচ্যুত দাস আৰু বিকাশ শৰ্মাৰ লগতে অৰ্ধ শতাধিক বিষয়-ববীয়াই অংশগ্ৰহণ কৰি অতি শীঘ্ৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰতিবাদস্থলীৰ পৰাই দাবী জনায় ।

পৰৱৰ্তী সময়ত যদি এই দাবী মানি নলয়, তেতিয়া চৰকাৰৰ বিৰুদ্ধে অধিক শক্তিশালী প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ।

লগতে পঢ়ক: সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.