বৰপেটা, 19 ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিচাজাতীয় দ্ৰব্যৰ সমান্তৰালকৈ জুৱাৰ দৰে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল (Assam Police crack down on crimes) ৷ এই ক্ষেত্ৰত আৰক্ষী কঠোৰ হৈছে যদিও এতিয়াও আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশই চলাই গৈছে এনে অসামাজিক কাৰ্যকলাপ ৷
শেহতীয়াকৈ বৰপেটাৰ সৰুক্ষেত্ৰীৰ মৰিছা পথাৰ গাঁৱৰ পৰা উৎখাত হৈছে এটা অসাধু চক্ৰ ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত চলিছিল অভিযান ৷ আৰক্ষীৰ অভিযানকালত তিনি জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় (Gamblers arrested in Barpeta) । ধৃত ৩ জুৱাৰী ক্ৰমে ভেৰাৰভিঠা গাঁৱৰ মহৰ আলী, কনৰা গাঁৱৰ আব্বাছ আলী আৰু বহিঃৰাজ্য উত্তৰ প্ৰদেশৰ তেজপাল হাৰজি বুলি আৰক্ষী সূত্ৰে প্ৰকাশ (Gamblers arrested including out of state gambler) ।