জুৱা খেলৰ বিৰুদ্ধে মাত মাতি বিপদত মৰাণৰ ৱাৰ্ড সদস্য

author img

By

Published : Sep 9, 2022, 10:07 PM IST

Operation against Gambling at Moran

মৰাণত দিন দুপৰতে চলা বৃহৎ জুৱা খেলৰ বিৰুদ্ধে মাত মাতি বিপদত পঞ্চায়তৰ ৱাৰ্ড সদস্য (Ward member filed FIR against gambler at Moran) ৷ জুৱাৰীয়ে ঘৰৰ পদুলিতে ৱাৰ্ড সদস্যগৰাকীক দি গ’ল মৃত্যুৰ ভাবুকি ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য ৷

মৰাণ, 8 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ সমান্তৰালভাৱে জুৱা ঘাটি উচ্ছেদ কৰিবলৈ আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল (Assam Police crack down on crimes) ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশক গুৰুত্ব নিদিয়ে বহু আৰক্ষীয়ে । এই অভিযোগ মৰাণৰ একাংশ লোকৰ ৷

এইবাৰ পোহৰলৈ আহিছে জুৱাৰ এটা বৃহৎ ঘাটি ৷ মৰাণ আৰক্ষী থানা আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰৈত অৱস্থিত বেজৰ চুক বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত দুখনকৈ স্কুলৰ সন্মুখতে বহুদিনৰ পৰাই হৈ আহিছিল জুৱা খেল । কিন্তু এই খেলৰ উমান পায়ো কোনো গুৰুত্ব প্ৰদান কৰা নাছিল (Gambling in Moran)৷ এই অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে ৷

জুৱা খেলৰ বিৰুদ্ধে মাত মাতি বিপদ পৰিছে মৰাণৰ ৱাৰ্ড সদস্য

যাৰ পৰিণতিত মৰাণ আৰক্ষী থানা আৰু মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰৈত অৱস্থিত বেজৰ চুক বঙালী গাঁৱৰ প্ৰেক্ষাগৃহত দুখনকৈ স্কুলৰ সন্মুখতে বহুদিনৰ পৰাই হৈ আছিল জুৱাৰ এটা বৃহৎ খেল ৷ ৰাইজৰ অভিযোগৰ পাচতেই বৃহস্পতিবাৰে উক্ত স্থানত উপস্থিত হয় সাংবাদিকৰ এটা দল ৷

লগতে পঢ়ক : পুঠিমাৰীৰ পৰা উৎখাত জুৱাৰ ঘাটি, আটক 8

সাংবাদিকক দেখি উক্ত স্থানৰ পৰা পলায়ন কৰে জুৱাৰীৰ দলটোৱে ৷ ইয়াৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে উক্ত স্থানৰ পৰা জুৱা খেলত ব্যৱহাৰ কৰা বহু আপত্তিজনক সামগ্ৰীৰ লগতে ভাড়ালৈ অনা জেনেৰেটৰ, মাইক চেট আদি জব্দ কৰে (Operation against Gambling at Moran) ৷

ইফালে উক্ত ঘটনাৰ সন্দৰ্ভত গাঁওখনৰ সচেতন যুৱক তথা ৱাৰ্ড সদস্য দেৱজিৎ গগৈয়ে সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনা আৰু সেই অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি থকা জুৱা খেলৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । কিন্তু ইয়াৰ পাচতে জুৱাৰীৰ ৰোষত পৰিল বিজেপি দলৰ ৱাৰ্ড সদস্যগৰাকী ।

ৱাৰ্ড সদস্যগৰাকীয়ে উল্লেখ কৰা অনুসৰি, কোনো অচিনাক্ত যুৱকে তেওঁৰ ঘৰৰ সন্মুখতে অভব্য আচৰণ কৰে ৷ লগতে বিজেপি দলৰ ৱাৰ্ড সদস্যগৰাকীক মৃত্যুৰ ভাবুকিও প্ৰদান কৰে ৷ জুৱাৰীৰ পৰা মৃত্যু ভাবুকি লাভ কৰাৰ পাচতে শুকুৰবাৰে এই সম্পৰ্কত মৰাণ আৰক্ষী থানাত বিজেপি দলৰ ৱাৰ্ড সদস্যগৰাকীয়ে দাখিল কৰে এক এজাহাৰ (Ward member filed FIR against gambler at Moran) ৷

আৰক্ষীয়েও সমগ্ৰ ঘটনাক লৈ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে । ইফালে দিন দুপৰতে ৰাজহুৱা স্থানত এইদৰে জুৱা খেল অনুষ্ঠিত কৰাক লৈ সমগ্ৰ মৰাণতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক : Opium Seized in Guwahati: গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.