দুৰ্গা পূজাক লৈ সষ্টম যোৰহাট আৰক্ষী (Jorhat police preparation for Durga Puja)। পূজাৰ দিনকেইটাত ক'ত আপুনি বাহন ৰাখিব পাৰিব ? ক'ত বাহনৰ প্ৰৱেশ নিষেধ ? বিসৰ্জনৰ দিনটোক লৈ আৰক্ষীয়ে কি নিৰ্দেশনা দিছে ?
অশোক গেহলট প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ লগে লগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সভাপতি পদৰ বাবে নতুনকৈ দাবীদাৰ হৈ উঠিছে (Congress prez candidate Mallikarjun Kharge) । শুকুৰবাৰে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন-পত্ৰ দাখিল কৰাৰ পিছত তেওঁ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা পদৰ পৰা পদত্যাগ কৰে । নিৰ্বাচনৰ পিছত ছোনিয়া গান্ধীয়ে সংসদত তেওঁৰ সলনি নতুন নেতা বাছনি কৰিব (Mallikarjun Kharge resigns as LoP Rajya Sabha) ।
আজি গুৱাহাটীৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এখন সংবাদমেল সম্বোধন কৰে (Ranjir Kumar Das Press meet on paddy) ৷ তেওঁ কয় যে পুনৰ আজিৰ পৰা ৰাজ্যত ধান ক্ৰয় কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷
গুজৰাটৰ ৰাষ্ট্ৰীয় গেমছত সোণৰ পদক অৰ্জন কৰিলে অম্লান বৰগোহাঁইয়ে (Amlan Borgohain wins gold medal at National Games) ৷ 10.38 ছেকেণ্ডত 100 মিটাৰ দৌৰ সম্পন্ন কৰিলে অম্লানে ৷ আনহাতে, ল’ন বলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে অসম কন্যা নয়নমণি শইকীয়াই ৷
কলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশংসা পদক (DGPs Commendation Medal)। অসম আৰক্ষী দিৱস উপলক্ষে প্ৰদান কৰা হৈছে এই পদক । আৰক্ষীৰ বিষয়া দুগৰাকী হৈছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথ ।
ৰাজ্যত এতিয়া ক্ৰিকেটৰ জ্বৰ । গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২ অক্টোবৰত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল(India And South Africa's T20 Squad) । যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গে গুৱাহাটীত লাইভ খেলখন চোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে ৷
ৰাজ্যত ক্ৰমাৎ নিম্নগামী হৈছে চাহৰ মূল্য(Tea prices are steadily falling in Assam) । নিম্নগামী চাহৰ মূল্যক লৈ উদ্বিগ্ন হৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল । চাহৰ মূল্য নিৰ্ধাৰণৰ বাবে চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনোৱাৰ পিছতে শুকুৰবাৰে সন্ধিয়া ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰী সকলৰ সৈতে আলোচনাত বহিল ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰা(Industries Minister with Small Tea Growers) ।
পাকিস্তান ইণ্টাৰনেচনেল এয়াৰলাইনছক (Pakistan International Airlines) শুকুৰবাৰে এক স্পষ্টীকৰণ দিবলৈ বাধ্য কৰোৱা হয় । উল্লেখ্য, দেশখনৰ ৰাষ্ট্ৰীয় এয়াৰলাইনছটোৱে নিজৰ কেবিন ক্ৰুসকলৰ বাবে জাৰি কৰা এক অদ্ভূত পোছাক বিধিৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগা হৈছিল (PIA bizarre dress code for cabin crew) । উক্ত পোছাক বিধিত তেওঁলোকে নিৰ্দেশ দিছিল যে ইউনিফৰ্মৰ তলত অন্তৰ্বাস পিন্ধাটো অতি জৰুৰী ।
দিল্লীৰ চিলামপুৰ অঞ্চলত তিনিজন ল'ৰাৰ যৌন নিৰ্যাতনৰ বলি এটি দহবছৰীয়া কিশোৰ(10-year-old boy sexually assaulted by friend) । নিৰ্যাতিত কিশোৰটিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Death of the abused child) ।
‘কোনো অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ বা গোচৰটোৰ কোনো অভিযুক্তৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ৷ মুম্বাই অপৰাধ শাখাৰ কিছু বিষয়াই পৰ্ণগ্ৰাফীৰ ৰেকেটত মোক জোৰ জবৰদস্তি জড়িত কৰিছে’’ (Raj Kundra moves CBI against Mumbai Crime Branch) ৷ এই মন্তব্য ৰাজ কুন্দ্ৰাৰ ৷