Congress president polls : ৰাজ্যসভাৰ বিৰোধী দলপতিৰ পদত্যাগ মল্লিকাৰ্জুন খাৰ্গেৰ

author img

By

Published : Oct 1, 2022, 4:09 PM IST

Updated : Oct 1, 2022, 4:49 PM IST

Mallikarjun

অশোক গেহলট প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ লগে লগে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ সভাপতি পদৰ বাবে নতুনকৈ দাবীদাৰ হৈ উঠিছে (Congress prez candidate Mallikarjun Kharge) । শুকুৰবাৰে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবলৈ মনোনয়ন-পত্ৰ দাখিল কৰাৰ পিছত তেওঁ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা পদৰ পৰা পদত্যাগ কৰে । নিৰ্বাচনৰ পিছত ছোনিয়া গান্ধীয়ে সংসদত তেওঁৰ সলনি নতুন নেতা বাছনি কৰিব (Mallikarjun Kharge resigns as LoP Rajya Sabha) ।

নিউজ ডেস্ক, ১ অক্টোবৰ : জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে শুকুৰবাৰে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা (Mallikarjun Kharge resigned from LoP Rajyasabha) পদৰ পৰা পদত্যাগ কৰে । কিয়নো তেওঁ দলৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন-পত্ৰ দাখিল কৰিছে । খাৰ্গেয়ে দলটোৰ 'চিন্তন শিবিৰ'ত লোৱা কংগ্ৰেছ দলৰ 'এক নেতা এক পদ' ঘোষণাৰ সৈতে সংগতি ৰাখি পদত্যাগ কৰে (Congress president polls) ।

বিৰোধী দলৰ নতুন নেতা বাছনি কৰিবলগা কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ (Congress interim president Sonia Gandhi) লিখা পত্ৰত খাৰ্গেয়ে কয়, "মই ইয়াৰ দ্বাৰা ৰাজ্যসভাৰ বিৰোধী দলপতি পদৰ পৰা পদত্যাগ-পত্ৰ প্ৰদান কৰিছোঁ । কিয়নো মই অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ (All India Congress Committee) সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছোঁ (Mallikarjun Kharge nomination for congress prez) ।"

"খাৰ্গেজীয়ে পদত্যাগ-পত্ৰ দাখিল কৰিছে । এতিয়া ইয়াক গ্ৰহণ কৰা বা প্ৰত্যাখ্যান কৰাটো কংগ্ৰেছৰ মুৰব্বীৰ ওপৰত নিৰ্ভৰ কৰিব ।" ৰাজ্যসভাৰ সদস্য প্ৰমোদ তিৱাৰীয়ে ইটিভি ভাৰতক কয় । "আজিলৈকে সংসদৰ শীতকালীন অধিবেশনৰ কোনো আভাস পোৱা হোৱা নাই । খাৰ্গেজী হৈছে বিৰোধী দলপতি । দলৰ নিৰ্বাচনৰ পিছত সেই বিষয়টো নিৰ্ণয় কৰা হ'ব পাৰে ।" তিৱাৰীয়ে লগতে ইংগিত দিয়ে যে ছোনিয়া গান্ধীয়ে এই সিদ্ধান্ত গ্ৰহণৰ বাবে হয়তো খৰধৰ নকৰিব পাৰে (Congress prez candidate Mallikarjun Kharge) ।

অৱশ্যে ইয়াৰ মাজতে ৰাজ্যসভাৰ গুৰুত্বপূৰ্ণ পদৰ বাবে খাৰ্গেৰ সলনি কোন নেতা হ'ব পাৰে তাক লৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে । কিয়নো জ্যেষ্ঠ নেতা দিগ্বিজয় সিং (veterans Digvijaya Singh) আৰু পি চিদাম্বৰম (P Chidambaram) সাংবিধানিক পদৰ স্বাভাৱিক দাবীদাৰ হ'ব পাৰে । উল্লেখ্য, কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে । শুকুৰবাৰে আছিল মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন । নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ফলাফল ১৯ অক্টোবৰত প্ৰকাশ পাব ।

লগতে পঢ়ক :Cong prez polls : আজি নাগপুৰৰ পৰা প্ৰচাৰ আৰম্ভ কৰিব শশী থাৰুৰে

Last Updated :Oct 1, 2022, 4:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.