পৰ্ণ গোচৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে চিবিআইক আবেদন ৰাজ কুন্দ্ৰাৰ

author img

By

Published : Sep 30, 2022, 7:34 PM IST

Raj Kundra complains to CBI against Mumbai Crime Branch in porn case
পৰ্ণ গোচৰৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে চিবিআইক আবেদন ৰাজ কুন্দ্ৰাৰ ()

‘‘কোনো অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ বা গোচৰটোৰ কোনো অভিযুক্তৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ৷ মুম্বাই অপৰাধ শাখাৰ কিছু বিষয়াই পৰ্ণগ্ৰাফীৰ ৰেকেটত মোক জোৰ জবৰদস্তি জড়িত কৰিছে’’ (Raj Kundra moves CBI against Mumbai Crime Branch) ৷ এই মন্তব্য ৰাজ কুন্দ্ৰাৰ ৷

নেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে চিবিআইক (Central Bureau of Investigation) আবেদন ৰাজ কুন্দ্ৰাৰ ৷ কোনো অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ বা গোচৰটোৰ কোনো অভিযুক্তৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই ৰাজ কুন্দ্ৰাই নিজৰ স্থিতি স্পষ্ট কৰি কয় যে, মুম্বাই অপৰাধ শাখাৰ কিছু বিষয়াই পৰ্ণগ্ৰাফীৰ ৰেকেটত তেওঁক জোৰ জবৰদস্তি জড়িত কৰিছে (Raj Kundra moves CBI against Mumbai Crime Branch)৷

কুন্দ্ৰাই দাবী কৰিছিল যে, অপৰাধ শাখাৰ আৰক্ষীয়ে তেওঁক পৰ্ণগ্ৰাফীৰ ৰেকেটত জড়িত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিল যদিও পৰ্ণ ৰেকেট গোচৰত দাখিল কৰা মূল অভিযোগপত্ৰত তেওঁৰ নাম উল্লেখ কৰা হোৱা নাছিল (Raj Kundra written a letter to CBI)। তেওঁ কৈছিল যে, গোচৰটোৰ প্ৰতিজন সাক্ষীয়ে তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল ৷

ইতিমধ্যে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই চিবিআইলৈ এখন পত্ৰৰ জৰিয়তে পৰ্ণ গোচৰৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ৷ লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এখন পত্ৰ লিখি এই বিষয়ত ন্যায় বিচাৰিছিল (Letter to PMO demanding justice) ৷ মুম্বাই অপৰাধ শাখাৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰা এতিয়া জামিনত আছে ৷

লগতে পঢ়ক: বিশ্বজুৰি 5640 টা ছবিগৃহত মুক্তি পালে হৃত্বিক ৰোশন আৰু ছৈফ আলী খান অভিনীত বিক্ৰম বেধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.