কলিয়াবৰৰ দুই আৰক্ষী বিষয়ালৈ বিশেষ পদক

author img

By

Published : Oct 1, 2022, 5:59 PM IST

Kaliabor

কলিয়াবৰৰ দুগৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ প্ৰশংসা পদক (DGPs Commendation Medal)। অসম আৰক্ষী দিৱস উপলক্ষে প্ৰদান কৰা হৈছে এই পদক । আৰক্ষীৰ বিষয়া দুগৰাকী হৈছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথ ।

কলিয়াবৰ,১ অক্টোবৰ : আজি অসম আৰক্ষী দিৱস (Assam Police day 2022)। ৰাজ্যৰ চৌদিশে অসম আৰক্ষী দিৱস পালন কৰা হৈছে । এই বিশেষ দিনটোত কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী আৰক্ষী বিষয়াই ।

২০২১-২২ বৰ্ষৰ আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰশংসা পদক লাভ কৰিছে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল দেৱনাথে । কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া হিচাপে কৰ্মৰত মৃন্ময় দাসে মহকুমা আৰক্ষী প্ৰশাসনৰ অন্তৰ্গত সকলো আৰক্ষী নিৱেশ তথা চকীৰ আৰক্ষীৰ কৰ্ম তৎপৰতাত বিশেষ অৰিহণা যোগোৱাৰ বাবে তেওঁক ৰূপৰ পদক প্ৰদান কৰা হৈছে (Kaliabor SDPO received DGPs Commendation Medal)।

কলিয়াবৰৰ দুই আৰক্ষী বিষয়ালৈ বিশেষ পদক

আনহাতে, চুলুং আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক মৃদুল দেৱনাথলৈ ৰূপৰ পদক আগবঢ়োৱা হৈছে (ASI Mridul Debnath received DGPs Commendation Medal)। ১৯৯৪ চনত অসম আৰক্ষীৰ কনিষ্টবল পদত যোগদান কৰি পৰৱৰ্তী সময়ত নিজ কৰ্ম দক্ষতাৰ বাবে ২০১৫ চনত সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰে ।

উল্লেখ‍্য যে, ১৯৫১ চনৰ ১ অক্টোবৰত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইচ ৰীডৰ পৰা আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়াৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল । তেতিয়াৰে পৰা এই দিনটো অসম আৰক্ষীক কৃতজ্ঞতা জনোৱাৰ বাবে অসম আৰক্ষী দিৱস হিচাপে পালন কৰা হৈছে ।

লগতে পঢ়ক :ডিজিপিৰ বিশেষ প্ৰশস্তি প্ৰশংসা ২০২১-২২ বঁটা লাভ হোজাইৰ আৰক্ষী বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.