ETV Bharat / state

ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা - COUNSELLING PROGRAMME OF AGNIVEER

author img

By ETV Bharat Assamese Team

Published : May 6, 2024, 9:00 PM IST

Indian Army : শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰ্মী কেণ্টত আদিবাসী আৰু চাহ বাগিচা সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলৰ বাবে যোগ্যতা পৰীক্ষা কৰা শিবিৰৰ বাবে অগ্নিবীৰ প্ৰাক নিযুক্তি স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত ৷ ভাৰতীয় সেনাৰ উদ্যোগত আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সহযোগত এই পদক্ষেপ গ্ৰহণ ৷

COUNSELLING PROGRAMME OF AGNIVEER
অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা (ETV Bharat Assam)

তেজপুৰ, ৬ মে' : শোণিতপুৰ জিলাৰ লগতে অসমৰ অন্যান্য জিলাৰ চাহ বাগিচা সম্প্ৰদায়ৰ আদিবাসী আৰু যুৱচামক অগ্নিবীৰ হিচাপে সশস্ত্ৰ বাহিনীত নিযুক্তি প্ৰদানৰ উদ্দেশ্যে অনুষ্ঠিত এক বিশেষ প্ৰশিক্ষণ ৷ শাৰীৰিক, চিকিৎসা আৰু লিখিত পৰীক্ষাৰ বাবে যুৱচামক প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই বিশেষ স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত কৰা হয় ৷

COUNSELLING PROGRAMME OF AGNIVEER
ভাৰতীয় সেনাৰ উদ্যোগত অনুষ্ঠিত (ETV Bharat Assam)

ভাৰতীয় সেনাৰ প্ৰশিক্ষণ দলে আয়োজন কৰা এই অগ্নিবীৰ সজাগতা কাৰ্যসূচীত শোণিতপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাৰ ল’ৰা-ছোৱালীকে ধৰি প্ৰায় ১২০০ যুৱ প্ৰতিভাই অংশগ্ৰহণ কৰে ৷ কাৰ্যসূচী অনুসৰি প্ৰথমে প্ৰ-পত্ৰ পূৰণ, প্ৰাৰম্ভিক প্ৰি নামভৰ্তি স্ক্ৰীনিং, শাৰীৰিক মানদণ্ড অনুসৰি প্ৰাৰম্ভিক পৰীক্ষণ আৰু গ্ৰাউণ্ড টেষ্ট কৰা হয় ৷ যাৰ ফলত অংশগ্ৰহণকাৰীসকলৰ মাজত এক উৎসৱমুখৰ আৰু উৎসাহী পৰিৱেশ সৃষ্টি হোৱা দেখা যায় ৷

অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ প্ৰস্তুতিৰ বাবে প্ৰেৰণা যোগোৱা আৰু যুৱকৰ পৰা এগৰাকী পৈণত সৈনিকলৈ ৰূপান্তৰিত কৰাই এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য ৷ ভাৰতীয় সেনাৰ ৰঙাপৰা আৰ্মী কেণ্টৰ কমাণ্ডিং অফিচাৰে চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলক প্ৰেৰণা যোগায় ৷

COUNSELLING PROGRAMME OF AGNIVEER
অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা (ETV Bharat Assam)

প্ৰশিক্ষণ প্ৰদানকাৰী দলটোৱে কাৰ্যসূচীত অংশগ্ৰহণকাৰী যুৱচামক অগ্নিবীৰ নিযুক্তি পদ্ধতিৰ বিষয়ে বিতংভাৱে অৱগত কৰে ৷ আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি ডি কে চৌহানেও কাৰ্যসূচীটোত উপস্থিত থাকি সকলো আদিবাসী আৰু চাহ বাগিচা সম্প্ৰদায়ৰ যুৱক-যুৱতীক ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰে ৷

উল্লেখ্য যে, এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আদিবাসী আৰু চাহ বাগিচা সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে অগ্নিবীৰৰ জৰিয়তে নিঃস্বাৰ্থভাৱে দেশমাতৃৰ সেৱা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে ৷

লগতে পঢ়ক: টংলা মহাবিদ্যালয়ত অগ্নিবীৰ সম্পৰ্কীয় সজাগতা আৰু পৰামৰ্শ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.