টংলা মহাবিদ্যালয়ত অগ্নিবীৰ সম্পৰ্কীয় সজাগতা আৰু পৰামৰ্শ কাৰ্যসূচী

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 9:21 PM IST

thumbnail

ওদালগুৰি, 9 ফেব্ৰুৱাৰী : অগ্নিবীৰ হিচাবে ভাৰতীয় সেনাত নিযুক্তিৰ বাবে আগ্ৰহী বি টি আৰ অঞ্চলৰ যুৱক-যুৱতীসকলক সজাগ কৰাৰ লক্ষ্যৰে আজি ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত প্ৰাক-নিৰ্বাচন সজাগতা আৰু পৰামৰ্শ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বি টি আৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শিবিৰত ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট কৰ্নেল বিজয় শ্ৰীজিৎ আৰু ওদালগুৰিৰ আৰক্ষী অধীক্ষক পুস্কিন জৈন উপস্থিত থাকে ৷ তেওঁলোকে অগ্নিবীৰ নিযুক্তিৰ বাবে প্ৰয়োজনীয় অৰ্হতা আৰু দক্ষতাকে ধৰি ইয়াৰ সা-সুবিধাসমূহ ছাত্ৰ-ছাত্ৰী সকলৰ আগত বিতংকৈ ব্যাখ্যা কৰে ৷

উল্লেখ্য যে বি টি আৰ চুক্তিমৰ্মে বড়ো যুৱক-যুৱতীসকলক ভাৰতীয় সেনাত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ বাবে থকা সুবিধাৰ সুযোগ গ্ৰহণৰ বাবে যুৱক-যুৱতীসকলক আগবাঢ়ি অহাৰ বাবে বিটিচিৰ পৰিষদীয় সদস্য সঞ্জয় স্বৰ্গীয়াৰীয়ে আহ্বান জনায় ৷ এই সজাগতা ৰেলীত জিলাখনৰ যথেষ্ট সংখ্যক যুৱক-যুৱতী উপস্থিত থাকে ৷ 

লগতে পঢ়ক : কংক্ৰিটৰ নগৰীত উশাহত কষ্ট: ফুৰি আহকগৈ মাৰঙাৰ প্ৰাকৃতিক হ্ৰদৰ পৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.