কংক্ৰিটৰ নগৰীত উশাহত কষ্ট: ফুৰি আহকগৈ মাৰঙাৰ প্ৰাকৃতিক হ্ৰদৰ পৰা
Marngar Lake: মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ হ্ৰদৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক ৷

Published : February 9, 2024 at 5:48 PM IST
গুৱাহাটী , ৯ ফেব্ৰুৱাৰী : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভয় জিলাৰ সদৰ নংপোৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মাৰঙা নামৰ অঞ্চলটো । অঞ্চলটোৰ নৈসৰ্গিক সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে মাৰঙা নামৰ প্ৰাকৃতিক হ্ৰদটোৱে । অৱশ্যে প্ৰচাৰকে ধৰি ৰাজনৈতিক-অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা মাৰঙা নামৰ অঞ্চলটোত আছে দহখনকৈ গাঁও ।

চাৰিওফালে সৰু-বৰ পাহাৰে আগুৰি থকা গাঁও কেইখনৰ প্ৰাকৃতিক সৌন্দৰ্যই এনেয়ে সকলোকে আকৰ্ষিত কৰে । তাৰ মাজে মাজে থকা কমলা বাগান আৰু খেতি পথাৰে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে । ইফালে তাত থকা গাঁও কেইখনৰ অসমৰ লগত বহু ক্ষেত্ৰত মিল আছে । সেই গাঁও কেইখনৰ মাজভাগত থকা মাৰঙা নামৰ হ্ৰদটোৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে । যিয়ে এবাৰ তালৈ গৈছে তেওঁহে অনুভৱ কৰিব পাৰে তাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ।
গুৱাহাটীৰ পৰা মাত্ৰ এঘণ্টাতে গৈ পাব পৰা মাৰঙা নামৰ হ্ৰদটো পৰিচালনা কৰি অহা থনে ৰাজাই জানিবলৈ দিয়া মতে হ্ৰদটোৰ পানীভাগে প্ৰায় ৭.৫ হেক্টৰ অঞ্চল আবৰি আছে । হ্ৰদত আছে বহু বিৰল প্ৰজাতিৰ মাছ । পৰ্যটক বা দৰ্শনাৰ্থীৰ বাবে হ্ৰদত বটিং কৰাৰ সুবিধাৰ্থে কেবাখনো ফাইবাৰ বোট ৰখা হৈছে । সমান্তৰালভাৱে বিশাল হ্ৰদটোৰ মাজত ইপাৰৰ পৰা সিপাৰলৈ অহা-যোৱাৰ সুবিধাৰ বাবে আছে এখন সুন্দৰ দলং । তেনেদৰে আছে চাৰিওকাষে খোজ কাঢ়িবৰ বাবে আছে সুন্দৰ পকীপথ ।

বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অৰ্কিড আৰু থলুৱা প্ৰজাতিৰ গছ-গছনিয়ে হ্ৰদটোৰ সৌন্দৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে । যিসকল লোকে এদিন নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিব বিচাৰে তেওঁলোকে মাৰঙা হ্ৰদলৈ আহিলে সেই মনোবাঞ্ছা পূৰণ কৰিব পাৰিব । উল্লেখ্য যে, হ্ৰদটোত পাৰ্কিঙত একেলগে বহু ডাঙৰ-সৰু গাড়ী পাৰ্কিং কৰাৰ সুবিধা ৰখা হৈছে । তেনেদৰে থকা-খোৱাৰ সুবিধাৰ বাবে আছে ৰেস্তোৰাঁ আৰু দুই তাৰকাযুক্ত হোটেলৰ দৰে সুবিধাযুক্ত কোঠা । বিশেষকৈ পানীৰ মাজত থকা অসম আৰ্হিৰ কেইবাটাও পকী ঘৰে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে ।
এইখিনিতে উল্লেখ কৰিব পাৰি যে মাৰঙা অঞ্চলটোৰ বাসিন্দাসকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে মেঘালয়ত পৰিচিত হৈ আহিছে । বেছিভাগ লোকেই সুন্দৰকৈ অসমীয়া ক’ব পাৰে । যাৰ বাবে অসমৰ পৰা তালৈ যোৱা লোকে তাত কোনো ধৰণৰ অসুবিধা নাপায় । বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হ’ল ক্ৰমে - বৰগাং, নালাপাৰা, নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও । এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দাসকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰি আহিছে ।
আনকি মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে শ্বিলঙৰ শংকৰ মিছনৰ অধীনত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা নামঘৰ । বৰ্তমান ৰাইজ-শুভাকাংক্ষীৰ দান-বৰঙণিৰে নামঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে । মাৰঙা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জয়মালা বিনং লংডো, সম্পাদক যোগেশ মাৰৱেট, অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান "মাৰঙা ছ’চিয়েল এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন"ৰ সভাপতি প্ৰেল বিনং, সম্পাদক বিমৰ চিয়েমকে ধৰি অঞ্চলটোৰ কেবাজনো বাসিন্দাই জানিবলৈ দিয়া মতে অসমৰ পৰা কোনোবা তেওঁলোকৰ তালৈ আহিলে বহুত ভাল পায় । আপোন মানুহ অহা যেন অনুভৱ কৰে । ক’ভিডৰ আগলৈকে হ্ৰদলৈ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু মানুহ আহিছিল । কিন্তু ক’ভিডৰ সময়ত মেঘালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহু নীতি-নিয়ম আৰোপ কৰাৰ পাছৰে পৰা মানুহ অহাটো কমি গ’ল আৰু পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাচতো এতিয়া আগৰ দৰে মানুহ নহা হ’ল বুলি অঞ্চলটোৰ একাংশ সচেতন লোকে জানিবলৈ দিছে ।
লগতে পঢ়ক : শুভ্ৰতাৰ মালা পিন্ধিছে অৰুণাচল প্ৰদেশৰ মায়’দিয়াই

