শুভ্ৰতাৰ মালা পিন্ধিছে অৰুণাচল প্ৰদেশৰ মায়’দিয়াই

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 6:16 PM IST

thumbnail

তিনিচুকীয়া, ৭ ফেব্ৰুৱাৰী : বৰফাবৃত মায়’দিয়াই পৰ্যটকক সদায়ে আকৰ্শিত কৰি আহিছে ৷ অপূৰ্ব সৌন্দৰ্যৰ বাবেই বিপদসংকুল পথকো অতিক্ৰম কৰি প্ৰতি বছৰেই এডভেঞ্চাৰ প্ৰিয় পৰ্যটকে মায়’দিয়াত ভিৰ কৰেহি বহু দূৰ-দূৰণিৰ পৰা । তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উত্তৰ-পূবৰ অন্য এক ছুইজাৰলেণ্ড খ্যাত অৰুণাচল প্ৰদেশৰ ল’ৱাৰ ডিবাং ভেলী জিলাৰ মায়’দিয়া পাছত এতিয়া চাৰিওফালে বৰফেই বৰফ ৷

মায়’দিয়াই ৰূপ লৈছে শুভ্ৰ দলিচাৰ । চাৰিওফালে কেৱল শুভ্ৰ বৰফৰ আচ্ছাদন, যেন ভুসৰ্গলৈ পৰিণত হৈছে অৰুণাচলৰ মায়’দিয়া । এই ঠাইত দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় । প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত মায়’দিয়াত প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় পৰ্যটকৰ আগমন ।

লগতে পঢ়ক : অনাঘ্ৰাত আনিনিৰ অপৰূপ সৌন্দৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.