সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক : পুনৰ নিম্নগামী কেঁচা চাহপাতৰ মূল্য
বহু অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কে ২ টকা লোকচানত পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে । বাগিচাৰ ফেক্টৰীৰ তুলনাত বটলিফ ফেক্টৰীত অস্বাভাৱিক গতিত পাতৰ দাম নিম্নগামী হৈছে (small tea growers of Assam in crisis) । বটলিফ ফেক্টৰীয়ে ধাৰ্য কৰা মূল্যতে পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ক্ষুদ্ৰ খেতিয়কসকল । ভাৰতীয় চাহ বোৰ্ডৰ লগতে জিলা নিৰীক্ষণ কমিটীসমূহ কঠোৰ নোহোৱাত সুযোগ লৈছে বটলিফ ফেক্টৰীসমূহে ।
পূজাৰ পিচতেই অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা
অসম ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা(BJP President J P Nadda) ৷ এক দলীয় সভাত অংশগ্ৰহণ কৰিব নেতা দুগৰাকী ৷ আনহাতে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ লগতো মিলিত হ’ব গৃহমন্ত্ৰীগৰাকী ৷
কমলপুৰত নিৰ্মাণ 70 ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি
সমাগত দুৰ্গা পূজা (Durga Puja 2022) । ৰাজ্যৰ চৌদিশে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । ঠায়ে ঠায়ে সাজি উলিয়াইছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপো । কোনো কোনো ঠাইত দশমীৰ নিশা ৰাৱণ দাহক লৈ চলিছে প্ৰস্তুতি ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ
গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত ব্যাপক প্ৰতিবাদ । ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি-চোঁচৰাই আটক কৰি নিয়ে লতাশিল থানালৈ । ইয়াৰ পাছতে চচলত পুনৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বৃহৎ নদীবান্ধৰ বিৰোধীতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ (Demanding demolition of Namoni Subansiri hydropower project) ।