লখিমপুৰত নদীবান্ধ বিৰোধী আন্দোলনে লৈছে তীব্ৰ ৰূপ

author img

By

Published : Sep 27, 2022, 4:11 PM IST

AJYCP protest against NHPC

পুনৰ জ্বলিছে লখিমপুৰ (protest against NHPC in Lakhimpur) ৷ মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰে লখিমপুৰ চহৰ (AJYCP protest against NHPC) ৷ চহৰৰ মাজত ছাত্ৰ সন্থাই NHPCৰ পুত্তলিকা দাহ কৰি প্ৰকল্পটো বন্ধ কৰাৰ দাবী জনায় ৷

লখিমপুৰ, 27 ছেপ্টেম্বৰ: পুনৰ জ্বলিছে লখিমপুৰ (protest against NHPC in Lakhimpur) ৷ বিগত কেবাদিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷

ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । শনিবাৰে নিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ খহিল মূল বান্ধৰ কাষৰ দেৱাল । ফলত এতিয়া এই প্ৰকল্পৰ পাৱাৰ হাউছত হৈছে প্লাৱন । 30 ফুট তলত থকা পাৱাৰ হাউছলৈ নামিছে অশনি সংকেত । ইতিমধ্যে মূলবান্ধলৈ যোৱা পথচোৱা বিচ্ছিন্ন হৈ পৰিছে ৷ আতংকিত এতিয়া বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷

ইয়াৰ পিছতে মঙলবাৰে প্ৰতিবাদমুখৰ হৈ পৰে লখিমপুৰ চহৰ (AJYCP protest against NHPC) ৷ চহৰৰ মাজত ছাত্ৰ সন্থাই NHPCৰ পুত্তলিকা দাহ কৰি প্ৰকল্পটো বন্ধ কৰাৰ দাবী জনায় ৷ আজি লখিমী চাৰিআলিত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে ৷ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবী উত্থাপন কৰি দাহ কৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ প্ৰতিকৃতি ৷

লখিমপুৰত নদীবান্ধ বিৰোধী আন্দোলনে লৈছে তীব্ৰ ৰূপ

নদীবান্ধ নিৰ্মাণ কৰি থকা ঠাইখিনি প্ৰকৃততে নদীবান্ধ নিৰ্মাণৰ কাৰণে উপযুক্ত নহয় ৷ গাৰ্ড ৱাল ভঙাৰ পিছতো চৰকাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো কিয় বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, বিগত 2011 চনৰ 27 ছেপ্টেম্বৰত জুই জ্বলিছিল সমগ্ৰ লখিমপুৰ জিলাত ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত শতাধিক সংগঠন তথা ৰাইজৰ প্ৰতিবাদত চৌদিশে অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ এই পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী, অৰ্ধ সামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলী আৰু লাঠীবৰ্ষণ কৰিছিল ৷ পৰৱৰ্তী সময়ত পৰিবৰ্তিত পৰিস্থিতি প্ৰতিবাদৰ চোক কমিলেও শেহতীয়া কৈ পুনৰ মূৰ দাঙি উঠিছে প্ৰতিবাদৰ ধাৰা ৷

বিজেপি চৰকাৰ, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় শক্তিমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দি সোৱণশিৰি প্ৰকল্প বন্ধ কৰাৰ দাবী জনায় অসম যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী নেতাসকলে ৷ কোনো কাৰণতে নামনি সোৱণশিৰি প্ৰকল্প নিৰ্মাণ মানি লোৱা নহ’ব বুলি পৰিষদৰ নেতৃত্বই হুংকাৰ দিয়ে ৷

লগতে পঢ়ক:NHPC ৰ পৰা আমি পানী এটুপিও খোৱা নাই : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.