নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Sep 27, 2022, 2:12 PM IST

Protest by KMSS against big dam in Guwahati

গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত ব্যাপক প্ৰতিবাদ । ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি-চোঁচৰাই আটক কৰি নিয়ে লতাশিল থানালৈ । ইয়াৰ পাছতে চচলত পুনৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । বৃহৎ নদীবান্ধৰ বিৰোধীতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ (Demanding demolition of Namoni Subansiri hydropower project) ।

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ: জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ যে আজি কৃষক সংগঠনটোৰ বহু সংখ্যক নেতা-কৰ্মীয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটী ক্লাৱৰ ৰ'টাৰীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে (Demanding demolition of Namoni Subansiri hydropower project) ।

হঠাতে ৰাজপথলৈ ওলাই অহা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি-চোঁচৰাই গাড়ী উঠাই লতাশিল থানালৈ লৈ যায় । কিছুসময় আৱদ্ধ কৰি ৰখাৰ পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক চচলস্থিত প্ৰতিবাদস্থলীত নমাই দিয়ে । তেওঁলোকে তাতে পুনৰ নদীবান্ধৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে সংগঠনটোৱে দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰক পত্ৰ যোগে কয় যে বৰ্তমানৰ বিজেপি চৰকাৰে জাতীয় সহমতক উপেক্ষা কৰি এন এইচ পি চিক সংগোপনে বান্ধ নিৰ্মাণ কৰিবলৈ সেউজ সংকেত দিয়াৰ ফলত বৰ্তমান সময়ত বান্ধটোৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বৰষুণ হ'লেই গাৰ্ড ৱাল ভাঙি যোৱা আৰু কেইবাঠাইতো ফাঁট মেলা পৰিলক্ষিত হৈছে ।

নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি দিয়াৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ প্ৰতিবাদ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি অৰুণাচল প্ৰদেশত নির্মীয়মান আৰু প্ৰস্তাৱিত সকলো নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবী উত্থাপন কৰি সংগঠনটোৱে কয় যে আমাৰ চুবুৰীয়া ৰাজ্যখনত ১৬৮ টাতকৈও অধিক বৃহৎ নদীবান্ধ তৈয়াৰ কৰিলে অসমবাসীৰ অস্তিত্ব যিকোনো সময়তে বিপন্ন হোৱাৰ আশংকা আছে । বৃহৎ নদীবান্ধ বন্ধ কৰিব নোৱাৰিলে অসমীয়া জাতিৰ অস্তিত্ব নাথাকিব । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে স্পষ্টকৈ জনাই যে কোনো যুক্তিতে বিজেপি চৰকাৰৰ এনে অসম বিৰোধী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব ।

যিকোনো মূল্যৰ বিনিময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অতি শীঘ্ৰে বন্ধ কৰি ইয়াক ভাঙি পেলাব লাগিব বুলি সংগঠনটোৱে সদৰি কৰে । অসমক কেতিয়াও ধ্বংস কৰিবলৈ দিয়া নহ'ব । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলো ধৰণৰ কাম-কাজ বন্ধ কৰাৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়াৰ দাবী জনায় ।

লগতে অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত সকলোবোৰ ক্ষুদ্ৰ আৰু বৃহৎ নদীবান্ধ প্ৰকল্পৰ সামূহিক প্ৰভাৱ অধ্যয়ন সম্পূর্ণ বিজ্ঞানসন্মতভাৱে নকৰা পর্যন্ত আৰু অসমবাসীৰ নিৰাপত্তা প্ৰদান আৰু কুপ্ৰভাৱৰ পৰা ৰক্ষাৰ নিশ্চয়তা নোহোৱালৈকে কোনো আন্তঃৰাজ্যিক নদীৰ ক্ষেত্ৰতে সকলো নদীবান্ধৰ বিৰোধিতা কৰে সংগঠনটোৱে । আনহাতে অসমৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প আৰু অন্যান্য বিকল্প উৎসৰ পৰা অসম চৰকাৰে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰি অসমক বিদ্যুতৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰাৰ বাবে সংগঠনটোৱে দাবী জনায় ।

লগতে পঢ়ক: NHPC ৰ পৰা আমি পানী এটুপিও খোৱা নাই : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.