NHPC ৰ পৰা আমি পানী এটুপিও খোৱা নাই : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

author img

By

Published : Sep 26, 2022, 9:37 PM IST

Protest against NHPC by AJYCP

নদীবান্ধ আমি নামানো, নদীবান্ধ বন্ধ হ’ব লাগিবই ৷ NHPC কৰ্তৃপক্ষৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পানী এটুপিও খোৱা নাই ৷" বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে সোমবাৰে নগাঁৱৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে (Protest against NHPC by AJYCP)৷

নগাঁও, 26 ছেপ্টেম্বৰ: "নদীবান্ধ আমি নামানো, নদীবান্ধ বন্ধ হ’ব লাগিবই (Protest against NHPC in Assam)৷ NHPC কৰ্তৃপক্ষৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পানী এটুপিও খোৱা নাই ৷ অতি শীঘ্ৰে যদি নদীবান্ধ বন্ধ নকৰে তেনেহ’লে সমগ্ৰ অসম জ্বলিব ৷ আজি আমি ভাৰতীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ প্ৰতিমূৰ্তি দাহ কৰিছো ৷ NHPC ৰ গাৰ্ডৱাল খহি গৈছে, জলপ্ৰলয়ে NHPC ক ক্ষতিসাধন কৰাৰ পিছতো ভাৰতীয় চৰকাৰ সৈমান হোৱা নাই ৷" নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীৰে এই মন্তব্য প্ৰকাশ নগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই (Protest against NHPC by AJYCP)৷

লগতে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে কয় যে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহক সকিয়াই দিব বিচোৰিছো যে অনতিপলমে নদীবান্ধৰ নিৰ্মাণৰ কাম বন্ধ নকৰিলে সমগ্ৰ অসম জ্বলিব ৷ অন্যথা নদীবান্ধ আমি গৈ ভাগি পেলাম ৷ আগন্তুক সময়ত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰু দীঘলীয়া হ’ব (AJYCP protest in Nagaon) ৷

বিগত কেবাদিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷

NHPC ৰ পৰা আমি পানী এটুপিও খোৱা নাই

ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । শনিবাৰে নিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ খহিল মূল বান্ধৰ কাষৰ দেৱাল । ফলত এতিয়া এই প্ৰকল্পৰ পাৱাৰ হাউছত হৈছে প্লাৱন । 30 ফুট তলত থকা পাৱাৰ হাউছলৈ নামিছে অশনি সংকেত । ইতিমধ্যে মূলবান্ধলৈ যোৱা পথচোৱা বিচ্ছিন্ন হৈ পৰিছে ৷ আতংকিত এতিয়া বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷

ইয়াৰ পিছতে বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে সোমবাৰে নগাঁৱৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷ সন্ধিয়া নগাঁও চহৰৰ নতুন বজাৰৰ ৰাজপথত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবী উত্থাপন কৰি দাহ কৰে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ প্ৰতিকৃতি ৷

ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ লগতে NHPC ৰ বিৰুদ্ধে নানা শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷ কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহৎ নদী বান্ধ নিৰ্মান হব নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক নদী বান্ধ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷

বৃহৎ নদী বান্ধৰ পৰা অসমৰ বৃহৎ ক্ষতি হোৱা বুলিও মন্তব্য প্ৰকাশ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাসকলে ৷ বৃহৎ নদী বান্ধৰ নিৰ্মান কাৰ্য অতি শীঘ্ৰে বন্ধ নকৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকিয়নী দিয়ে ৷

লগতে পঢ়ক: NHPC প্ৰকল্পৰ পাৱাৰ হাউছত প্লাৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.