কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

author img

By

Published : Sep 27, 2022, 12:07 PM IST

Updated : Sep 27, 2022, 2:18 PM IST

Kaliabor

কলিয়াবৰত এটাৰ পাছত আনটো দুৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা । নতুন ডাঙ্গাত গাঁওৰক্ষী বাহিনীৰ এজন সদস্যক ডিঙি ৰেপি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ (Attempt to murder case in Kaliabor)। সোমবাৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল বাগৰিত ।

কলিয়াবৰ,২৭ ছেপ্টেম্বৰ : কলিয়াবৰত মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে হত্যাকাৰী । ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাৰীয়ে আক্ৰমণ কৰিলে দ্বিতীয়গৰাকী ব্যক্তিক । পুনৰ এজনক ডিঙি ৰেপি হত্যাৰ চেষ্টা হত্যাকাৰীৰ (Kaliabor attempt to murder case)। এই ঘটনাক লৈ নগাঁও জিলাত আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।

এইবাৰ নতুন ডাঙ্গা অঞ্চলত শোৱাপাটীতে এজনক ডিঙি ৰেপি হত্যাৰ চেষ্টা হত্যাকাৰীৰূপী দুৰ্বৃত্তৰ । দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছেমচন তেৰণ নামৰ লোকজন (Kaliabor man injured on attacked by miscreants)। সংকটজনক অৱস্থাত প্ৰথমে জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পুনৰ তেজপুৰৰ TMCH লৈ প্ৰেৰণ কৰা হৈছে লোকজনক । ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । গুৰুতৰভাৱে আহত ছেমচন তেৰণ গাঁওৰক্ষী বাহিনীৰ সদস্য (VDP member stabbed in Kaliabor)।

কলিয়াবৰত গাঁওৰক্ষী বাহিনীৰ সদস্যক হত্যাৰ চেষ্টা

জানিব পৰা মতে তেৰণে নিশা ২ বজালৈকে কৰ্তব্য পালন কৰি পিছত ঘৰলৈ আহিছিল । কিন্তু পুৱা লোকজনক শোৱাপাটীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয় (Samson found in critically injured condition)। ডিঙিত চোকা অস্ত্ৰৰ আঘাত স্পষ্ট আছিল ।

এই ঘটনাৰ খবৰ পোৱাৰ পাছতে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত গাওঁৰক্ষী বাহিনীৰ সদস্যজনক সংকটজনক অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, সোমবাৰে পুৱাতে কলিয়াবৰ মহকুমাৰ বাগৰিত অঞ্জনা কুৰুৱা নামৰ এগৰাকী মহিলাক অচিনাক্ত লোকে ডিঙি কাটি হত‍্যা কৰিছিল (Woman brutally murder at Bagori)। ২৪ ঘণ্টাৰ ভিতৰতে এইদৰে দ্বিতীয়জন লোকক ডিঙি কাটি হত্যাৰ চেষ্টা কৰা ঘটনাই সকলোকে আতংকিত কৰি তুলিছে । ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়াসকলো উপস্থিত হৈ ঘটনাৰ বুজ লৈছে । কলিয়াবৰত এতিয়া অচিনাক্ত হত্যাকাৰীৰ আতংকই বিৰাজ কৰিছে । নিৰাপত্তাহীনতাত ভূগিছে কলিয়াবৰবাসী ।

লগতে পঢ়ক :মুখ ধুই থাকোঁতেই মহিলাক খুকুৰীৰে ডিঙি কাটি হত্যা

Last Updated :Sep 27, 2022, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.