মুখ ধুই থাকোঁতেই মহিলাক খুকুৰীৰে ডিঙি কাটি হত্যা

By

Published : Sep 26, 2022, 4:12 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

কলিয়াবৰৰ বাগৰিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় (Murder case in Assam)৷ সোমবাৰে পুৱা প্ৰায় 5 বজাত এগৰাকী মহিলাই শুই উঠি মুখ ধুই থাকোঁতেই 5 দুৰ্বৃত্তই খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে (Woman brutally murder at Bagori)৷ নিহত মহিলাগৰাকী মন্টু কুৰুৱাৰ পত্নী অঞ্জনা কুৰুৱা (Crime case in Nagaon)৷ ঘটনা অনুসৰি পাহাৰৰ পৰা নামি অহা 5 দুৰ্বৃত্তই মহিলাগৰাকীক ডিঙি কাটি ঘৰৰ পিছফালে হত্যা কৰি পেলায় থৈ যায় (Woman stabbed to death)৷ মহিলা গৰাকীয়ে যন্ত্ৰণাত চিঞৰ বাখৰ কৰা শুনি ঘৰৰ আন সদস্যই আহি মহিলাগৰাকীক ঘৰৰ ভিতৰলৈ লৈ আহে যদিও মৃত্যু হয় মহিলাগৰাকীৰ ৷ মহিলা গৰাকীক হত্যা কৰি পাহাৰৰ দিশে 5 দুৰ্বৃত্তই পলায়ন কৰা দেখিছে বুলি মহিলাগৰাকীৰ স্বামীৰ ভগ্নীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে ঘটনাস্থলীত বাগৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ হত্যাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ এই ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰিছে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.