জলেশ্বৰত পথ দুৰ্ঘটনাত নিহত সপ্তম শ্ৰেণীৰ ছাত্ৰ - Accident in Goalpara

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 6:08 PM IST

thumbnail

গোৱালপাৰা, 27 এপ্ৰিল : গোৱালপাৰাৰ জলেশ্বৰত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ নিহত হয় ৷ ছাত্ৰগৰাকী চাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত পিচফালৰ পৰা অহা তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় ছাত্ৰগৰাকী ৷ নিহত ছাত্ৰগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত আশিক আহমেদ (13) বুলি চিনাক্ত কৰা হৈছে ৷ ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক চালক ৷

জানিব পৰা মতে, লক্ষীপুৰ জলেশ্বৰ সংযোগী পথেৰে চাইকেলেৰে বিদ্যালয়লৈ গৈ আছিল ছাত্ৰগৰাকী ৷ বিদ্যালয়লৈ গৈ থকা অৱস্থাতে পিচফালৰ পৰা তীব্ৰবেগী বাইক এখনে খুন্দা মৰাত পথৰ ওপৰতে ছিটিকি পৰে ছাত্ৰগৰাকী ৷ স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ ছাত্ৰগৰাকীক উদ্ধাৰ কৰি লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ ঘটনাস্থলীত লক্ষীপুৰ আৰক্ষী উপস্থিত হৈ আহত বাইক চালকজনক উদ্ধাৰ কৰি লক্ষীপুৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় ৷ ছাত্ৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক :  শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant Conflict

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.