কমলপুৰত নিৰ্মাণ 70 ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি

By

Published : Sep 27, 2022, 4:40 PM IST

thumbnail

সমাগত দুৰ্গা পূজা (Durga Puja 2022) । ৰাজ্যৰ চৌদিশে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি । ঠায়ে ঠায়ে সাজি উলিয়াইছে ভিন্ন আৰ্হিৰ পূজা মণ্ডপো । কোনো কোনো ঠাইত দশমীৰ নিশা ৰাৱণ দাহক লৈ চলিছে প্ৰস্তুতি । কমলপুৰতো দুৰ্গা পূজাৰ লগতে চলিছে ৰাৱন দাহ প্ৰস্তুতিও (Preparations for Raban Dah at Baihata) । ৰাৱণ দাহৰ বাবে এইবাৰ কমলপুৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে নিৰ্মাণ কৰিছে 70 ফুট উচ্চতাৰ ৰাৱণৰ মূৰ্তি । ইতিমধ্যে ৰাৱণৰ মুখাৰ কাম সম্পন্ন কৰিছে শিল্পীসকলে । উল্লেখ্য যে, কমলপুৰত এইবাৰ প্ৰথম বাৰৰ বাবে এনেদৰে বৃহৎ উচ্চতাৰ ৰাৱণ দাহন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে পূজা সমিতিৰ বিষয় ববীয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.