ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী: কণাযুক্ত পদাৰ্থৰ মাত্ৰা 40% পৰ্যন্ত হ্ৰাসৰ লক্ষ্য নিৰ্ধাৰণ

author img

By

Published : Sep 27, 2022, 1:27 PM IST

National Clean Air Programme: Centre aims at 40 percent reduction in particulate matter by 2026

পিএম ২.৫ ৰ বাবে গ্ৰহণযোগ্য বাৰ্ষিক মানদণ্ড হৈছে প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম । পিএম ২.৫ হৈছে কোমলকৈ উশাহ ল’ব পৰা কণা, যাৰ ব্যাস সাধাৰণতে ২.৫ মাইক্ৰ’মিটাৰ অথবা তাতোকৈ সৰু আৰু ই স্বাস্থ্যৰ বাবে বিপদজনক (PM2.5 greatest risk to health) ।

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: ২০২৬ চনৰ ভিতৰত ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যসূচী (এনচিএপি)ৰ অধীনত সামৰি লোৱা চহৰসমূহত কণা পদাৰ্থৰ ঘনত্ব ৪০ শতাংশ হ্ৰাস কৰাৰ নতুন লক্ষ্য কেন্দ্ৰই নিৰ্ধাৰণ কৰিছে ৷ ২০২৪ চনৰ ভিতৰত ২০ ৰ পৰা ৩০ শতাংশ হ্ৰাস কৰাৰ পূৰ্বৰ লক্ষ্যক নবীকৰণ কৰা হৈছে বুলি পৰিৱেশ মন্ত্ৰণালয়ে জানিবলৈ দিছে(National Clean Air Programme) । মন্ত্ৰণালয়ৰ মতে, এনচিএপিৰ অধীনত সামৰি লোৱা ১৩১ খন নন এটেইন্টমেণ্ট চহৰৰ ভিতৰত ৯৫ খন চহৰত ২০১৭ চনৰ তুলনাত ২০২১ বৰ্ষত পিএম ১০ ৰ মাত্ৰা সামগ্ৰিকভাৱে উন্নতি হোৱা দেখিবলৈ পোৱা গৈছে । চেন্নাই, মাদুৰাই আৰু নাছিককে ধৰি ২০খন চহৰে বাৰ্ষিক গড় ১০ পিএম ঘনত্ব তথা ৰাষ্ট্ৰীয় মানদণ্ড পূৰণ কৰিবলৈ সক্ষম হৈছে (প্ৰতি ঘনমিটাৰত ৬০ মাইক্ৰ’গ্ৰাম)।

পিএম ২.৫ ৰ বাবে গ্ৰহণযোগ্য বাৰ্ষিক মানদণ্ড হৈছে প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম । PM 2.5 হৈছে কোমলকৈ উশাহ ল’ব পৰা কণা, যাৰ ব্যাস সাধাৰণতে ২.৫ মাইক্ৰ’মিটাৰ অথবা তাতোকৈ সৰু আৰু ই স্বাস্থ্যৰ বাবে আটাইতকৈ বেছি বিপদৰ সৃষ্টি কৰে । এনচিএপিৰ অধীনত সামৰি লোৱা ১৩২ খন চহৰত একেৰাহে পাঁচ বছৰলৈকে (২০১১-২০১৫) নিৰ্ধাৰিত ৰাষ্ট্ৰীয় পৰিৱেশ বায়ুৰ মানদণ্ড মাপন কৰা হোৱা নাছিল ।

২০২৪ চনৰ ভিতৰত পিএমৰ মাত্ৰা ২০ ৰ পৰা ৩০ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ২০২৬ চনৰ ভিতৰত হ্ৰাসৰ লক্ষ্য ৪০ শতাংশলৈ উন্নীত কৰাৰ সিদ্ধান্ত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি সংশ্লিষ্ট বিভাগটোয়ে জানিবলৈ দিছে ৷ এন চি এ পিৰ অধীনত চহৰ অনুযায়ী পৰিকল্পনা যুগুত কৰা হৈছে য’ত বায়ুৰ গুণাগুণ নিৰীক্ষণ যন্ত্ৰ শক্তিশালী কৰা, যান-বাহন আৰু উদ্যোগিক নিৰ্গমন হ্ৰাস কৰা, জনসচেতনতা বৃদ্ধি কৰা আদি ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।

নিৰ্দিষ্ট লক্ষ্য পূৰণৰ বাবে চহৰসমূহেও নিজৰ কাৰ্য পৰিকল্পনা প্ৰস্তত কৰি আছে বুলি পৰিৱেশ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই কয় । ২০১৭ চনৰ পৰা পিএম ১০ ৰ ঘনত্বত সামগ্ৰিকভাৱে উন্নতি দেখুওৱা চহৰসমূহৰ ভিতৰত আছে দিল্লী, নয়দা, গাজিয়াবাদ, মুম্বাই, কলকাতা, চেন্নাই, বেংগালুৰু, চণ্ডীগড়, ডেৰাডুন, পাটনা, নাগপুৰ, পুনে, আগ্ৰা, এলাহাবাদ, বৰেল্লী, ফিৰোজাবাদ, মোৰাদাবাদ, কানপুৰ, বাৰাণসী, জলন্ধৰ, লুধিয়ানা, জয়পুৰ, যোধপুৰ, জামছেদপুৰ, ৰাঁচী, ৰায়পুৰ আদি ৷ দিল্লীত PM10 ৰ ঘনত্ব প্ৰতি ঘনমিটাৰত ২০১৭ বৰ্ষত ২৪১ মাইক্ৰ’গ্ৰামৰ পৰা ২০২১ চনত প্ৰতি ঘনমিটাৰত ১৯৬ মাইক্ৰ’গ্ৰাম পৰ্যন্ত হ্ৰাস পাইছে ।

লগতে পঢ়ক: Forest Conservation Rules 2022 : ঔদ্যেগিকৰণৰ নতুন নীতিয়ে ভাবুকি আনিছে জনগোষ্ঠীয় জীৱনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.