ETV Bharat / state

Forest Conservation Rules 2022 : ঔদ্যেগিকৰণৰ নতুন নীতিয়ে ভাবুকি আনিছে জনগোষ্ঠীয় জীৱনলৈ

author img

By

Published : Jul 14, 2022, 8:53 PM IST

a
a

উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনক সমগ্ৰ দেশৰে 'গ্ৰ'থ ইঞ্জিন ' (North-Eastern region growth engine for Modi Government) হিচাবে চিহ্নিত কৰা নৰেন্দ্ৰ মোদী চৰকাৰে নতুন বন নীতিৰে এই অঞ্চলৰ জনগোষ্ঠীয় জীৱনলৈ ভাবুকিহে মাতি আনিছে । চৰকাৰৰ 'ফৰেষ্ট কনজাৰভেচন ৰুলছ ২০২২'-এ (Forest Conservation Rules 2022) অশনি সংকেত কঢ়িয়াইছে উত্তৰ-পূবৰ অৰণ্যভূমি আৰু জনজাতীয় সমাজলৈ ।

গুৱাহাটী, ১৪ জুলাই : ঔদ্যেগিক বিকাশৰ (Industrial development) দোহাই দি কেন্দ্ৰীয় চৰকাৰে 'বন সুৰক্ষা আইন ১৯৮০'-ৰ (Forest Protection Act 1980) অধীনত প্ৰস্তাৱ কৰা 'বন সুৰক্ষা অধিনিয়ম ২০২২'-এ (Forest Protection Act 2022) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় জীৱন আৰু অৰণ্যভূমিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ আশংকা স্পষ্ট হৈ পৰিছে । উল্লেখযোগ্য যে যোৱা ২৮ জুনত কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ে ' ফৰেষ্ট কনজাৰভেচন ৰুলছ ২০২২'-ৰ (Forest Conservation Rules 2022) প্ৰস্তাৱ সংসদৰ দুয়ো সদনলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰে ।

সংসদৰ সমাগত অধিবেশনত লোকসভা আৰু ৰাজ্যসভাত এই বিল উত্থাপিত হৈ সেয়া বাস্তৱায়িত হোৱাৰো পথত । মন কৰিবলগীয়া যে বন সুৰক্ষা সম্পৰ্কীয় এই নতুন নীতিয়ে পূৰ্বৰ 'ফৰেষ্ট কনজাৰভেচন ৰুলছ ২০০৩' (Forest Conservation Rules 2003)আৰু তাৰ তিনিটা সংশোধনী ক্ৰমে ২০০৪, ২০১৪ আৰু ২০১৭-ক নস্যাৎ কৰি কেতবোৰ নতুন নীতি-নিয়ম সৃষ্টিৰে বন আৰু বনভূমিৰ বাসিন্দা জনগোষ্ঠীয় সমাজৰ জীৱন -জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কেৱল সেয়ে নহয়, এই নতুন নীতিয়ে 'ছিডুৱেল ট্ৰাইব এণ্ড আদাৰ্ছ ফৰেষ্ট ডুৱেলাৰছ্ (ৰিকগনিচন এণ্ড ফৰেষ্ট ৰাইটছ) এক্ট ২০০৬'-ৰ (Schedule Tribe and Other's Forest Duelrs Act 2006) মূল উদ্দেশ্যক বিঘ্নিত কৰিব বুলি চৰ্চিত হৈছে ।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰণীত 'ফৰেষ্ট কনজাৰভেচন এক্ট ১৯৮০'-ৰ (Forest Conservation Act 1980) অধীনত যি ফৰেষ্ট কনজাৰভেচন ৰুলছ ২০০৩ আৰু তাৰ পৰৱৰ্তী সংশোধনী সমূহলৈ যদি চাওঁ তেতিয়াহ'লে দেখা যায় যে তাত অৰণ্যৰ সংৰক্ষণ আৰু অৰণ্যবাসী জনগোষ্ঠীৰ সুৰক্ষাৰ বিষয়ক প্ৰাধান্য দিহে চৰকাৰী বা বেচৰকাৰী উন্নয়নমূলক প্ৰকল্পৰ ৰূপায়ণৰ সিদ্ধান্ত লোৱা‌ হৈছিল । পথ নিৰ্মাণ, নদীবান্ধ, অন্যান্য উদ্যোগ আদি স্থাপনৰ বাবে যেতিয়া অৰণ্যভূমিৰ ক্ষতিসাধনৰ পৰিস্থিতিৰ উদ্ভৱ হয় বা অৰণ্য-গাঁওবাসীৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় তেতিয়া তেনে জনগোষ্ঠীসমূহৰ মতামত লোৱাটো আছিল বাধ্যতামূলক ।

এনে জন-শুনানিৰ প্ৰতিবেদনসমূহ পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে (Ministry of Environment Forests and Climate Change) পুংখানুপুংখভাবে পৰীক্ষা কৰাৰ পিছতহে প্ৰকল্পৰ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত দিব পাৰিছিল । কিন্তু এতিয়া পূৰ্বৰ 'ফৰেষ্ট কনজাৰভেচন ৰুলছ ২০০৩'-ক নসাৎ কৰি যি নতুন নীতি প্ৰৱৰ্তন কৰাৰ বাবে সংসদলৈ প্ৰস্তাৱ পঠিওৱা হৈছে তাত অৰণ্য আৰু অৰণ্যবাসীৰ অধিকাৰৰ দিশটো উপেক্ষা কৰি চৰকাৰৰ 'উন্নয়ন' আৰু ঔদ্যোগিকৰণৰ দিশটোক একপক্ষীয়ভাবে ত্বৰান্বিত কৰিবলৈ‌ চেষ্টা কৰা হৈছে ।

অভিযোগ অনুসৰি, এই নতুন নীতিয়ে প্ৰকল্পৰ ৰূপায়ণৰ বাবে অৰণ্য ধ্বংস কৰাৰ বাবে আগতীয়াকৈ সেউজ সংকেত দি থৈছে য'ত অৰণ্যভূমিৰ বাসিন্দা জনগোষ্ঠীয় সমাজৰ কোনো মতামত লোৱাৰ প্ৰয়োজন নহ'ব । অৱধাৰিতভাবে অৰণ্যৰ ধংসলীলাৰ বাবে যিসকল জনগোষ্ঠীয় লোকৰ জীৱন আৰু জীৱিকাও নিঃশেষ হ'ব তেওঁলোকৰ পৰ্যাপ্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ বিষয় হৈ ৰ'ব কাৰ্যত চৰকাৰৰ দায়িত্বৰ বাহিৰত । তেওঁলোক যিহেতু শতিকাজুৰি অৰণ্যতে বাস কৰিছে আৰু অৰণ্যৰ সুৰক্ষা, শ্ৰীবৃদ্ধিতে তেওঁলোকৰ অধিকাৰ সংযোজিত হৈ থাকে সেয়ে এই নতুন নীতিয়ে জনগোষ্ঠীয় সমাজৰ জীয়াই থকাৰ অধিকাৰতে আঘাত হানিব বুলি দেশজুৰি চৰ্চিত হৈছে । উল্লেখ্য যে এই নতুন বন নীতিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ অৰণ্যভূমি আৰু জনগোষ্ঠীয় জীৱনক প্ৰভাৱিত কৰিব বুলি চৰ্চিত হৈছে ।

ইতিমধ্যে এই অঞ্চলৰ এক বৃহৎ অংশ বনভূমি খনিজ সম্পদ সংগ্ৰহ, ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ, আছিয়ান হাইৱেৰ নিৰ্মাণ, ৰে'লপথ নিৰ্মাণ আদিয়ে ধ্বংস কৰিছে ।‌‌ উত্তৰ-পূব ভাৰতৰ ৰাজ্যকেইখনে যিহেতু বাংলাদেশ, ম্যানমাৰ, চীন আৰু ভূটানৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত চুই আছে সেয়ে ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে প্ৰতিটো বাৰ্ষিক বাজেটত ব্যয় বৃদ্ধি কৰি আহিছে । তেনে প্ৰৱণতাৰ বৰ্তমানত সমাগত লোকসভাৰ অধিবেশনত গৃহীত হ'বলগীয়া নতুন বন নীতিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অৰণ্য নিৰ্ভৰ জনগোষ্ঠীয় জীৱন (Forest-based community life in Assam and Northeast) আৰু সামগ্ৰিকভাবে অৰণ্যভূমিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি সচেতন মহলত চৰ্চিত হৈছে ।

লগতে পঢ়ক :Corruption in construction of LMCH : হাস্পতাল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ জাতীয় যুৱ বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.