ETV Bharat / state

Corruption in construction of LMCH : হাস্পতাল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ জাতীয় যুৱ বাহিনী

author img

By

Published : Jul 14, 2022, 3:54 PM IST

Corruption in construction of LMCH
হাস্পতাল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ জাতীয় যুৱ বাহিনী

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে (Corruption in construction of LMCH)। এই দুৰ্নীতিত নিৰ্মাণকাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনৰ বিষয়া-কৰ্মচাৰী জড়িত থকাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ । প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰিবলৈ আহ্বান ।

লখিমপুৰ,১৪ জুলাই : পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Lakhimpur Medical College Hospital in controversy)। এইবাৰ হাস্পতালখনৰ নিৰ্মাণত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ (Allegation against Gautam Construction)। হাস্পতালখনৰ নিৰ্মাণত ব্যাপক বিসংগতি সংঘটিত হোৱাৰ অভিযোগ সংগঠনটোৰ (Corruption in construction of LMCH)।

হাস্পতাল নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে সৰৱ জাতীয় যুৱ বাহিনী

সংগঠনটোৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে অভিযোগ কৰা মতে হাস্পতালখনৰ নিৰ্মাণত প্ৰতিষ্ঠানটোৱে দুৰ্নীতি সংঘটিত কৰিছে । চিমেণ্টৰ প্লাষ্টাৰৰ সংকোচনৰ বাবেই বেৰসমূহত ফাট মেলিছে বুলি তেওঁ অভিযোগ কৰে । ইতিমধ্যে এক RTI তথ্যত সকলোবোৰ কেলেংকাৰীৰ বিষয় পোহৰলৈ আহিছে বুলিও তেওঁ অভিযোগ কৰে ।

আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এই দুৰ্নীতিৰ বিৰুদ্ধে ব্যবস্থা ল'বলৈ দাবী জনালে নিৰ্মল পায়েঙে । ইমান দুৰ্নীতিৰ পিছতো কিয় মুখ্যমন্ত্ৰীয়ে গৌতম কনষ্ট্ৰাকচনৰ বিৰুদ্ধে ব্যবস্থা লোৱা নাই সেয়াও ৰহস্যজনক বুলি উল্লেখ কৰে জাতীয় যুব বাহিনীয়ে ।

অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত প্ৰতিষ্ঠানটোক ব্লেক লিষ্টেড কৰিবলৈ সংগঠনটোৱে দাবী জনায় । অন্যথা চৰকাৰৰ বিৰুদ্ধে জাতীয় যুব বাহিনীয়ে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে । বৃহস্পতিবাৰে লখিমপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনায় সংগঠনটোৱে । দুৰ্নীতিত জড়িত বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিবলৈও দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :Cheating in the name of marriage: বিবাহ বিচ্ছেদৰ ভুৱা নথিৰে ৭ গৰাকী মহিলাক বিয়া পাতিলে শিৱশংকৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.