ETV Bharat / bharat

Cheating in the name of marriage: বিবাহ বিচ্ছেদৰ ভুৱা নথিৰে ৭ গৰাকী মহিলাক বিয়া পাতিলে শিৱশংকৰে

author img

By

Published : Jul 14, 2022, 12:29 PM IST

হায়দৰাবাদৰ এটা প্ৰৱঞ্চকৰ কাহিনী । দ্বিতীয় বিবাহে লটি-ঘটি খুৱালে একাংশ মহিলাক । ভুৱা বিবাহ বিচ্চেদৰ নথিৰে কেইবাগৰাকী মহিলাক বিয়া পাতিলে প্ৰৱঞ্চকটোৱে (Man Married 7 women using fake divorce documents)। কেৱল এয়াই নহয় মহিলা কেইগৰাকীৰ পৰা লাখ লাখ টকা লৈ উধাও প্ৰৱঞ্চকটো ।

Cheating in the name of marriage
বিবাহ বিচ্ছেদৰ ভুৱা নথিৰে ৭ গৰাকী মহিলাক বিয়া পাতিলে শিৱশংকৰে

নেশ্যনেল ডেস্ক,১৪ জুলাই : তেলেংগানাত আজৱ কাণ্ড । এটা প্ৰৱঞ্চকে লটি-ঘটি কৰিছে একাংশ মহিলাক । এগৰাকী দুগৰাকী নহয় ৭ গৰাকী মহিলাৰ সৈতে প্ৰৱঞ্চনাৰে বিবাহপাশত আবদ্ধ হৈছে লোকজন । বিবাহ বিচ্ছেদৰ ভুৱা নথি দেখুৱাই ৭ গৰাকী আৰ্থিকভাৱে সৱল মহিলাক জালত পেলালে প্ৰৱঞ্চকটোৱে (Cheating case in Hyderabad)। দুই ভুক্তভোগী মহিলাই অৱশেষত সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে । এই ঘটনা পোহৰলৈ অহাৰ পাছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে হায়দৰাবাদত ।

জানিব পৰা মতে অভিযুক্তজন হৈছে গুন্টুৰ জিলাৰ বেটাপুডি গাঁৱৰ আদাপা শিৱশংকৰ বাবু । তেওঁ প্ৰায়ে উচ্চ শিক্ষিত আৰু নিযুক্তিপ্ৰাপ্ত মহিলাসকলৰ কাষ চাপিছিল যিসকলে পাত্ৰ-পাত্ৰী সন্ধানৰ ৱেবচাইটত দ্বিতীয় বিবাহৰ বাবে পঞ্জীয়ন কৰিছিল । মহিলাসকলক ভুৱা বিবাহ বিচ্ছেদৰ নথি-পত্ৰ দেখুৱাই প্ৰথমে বিবাহপাশত আবদ্ধ হয় । তাৰ পাছত মহিলাগৰাকী আৰু পৰিয়ালৰ পৰা ধন লৈ উধাও হয় এই শিৱশংকৰ বাবু । এনেদৰে ইগৰাকীৰ পাছত সিগৰাকী, প্ৰায় ৭ গৰাকী মহিলাক বিয়াৰ নামত প্ৰৱঞ্চনা কৰিলে শিৱশংকৰে (Several women from Hyderabad in a cheating trap)।

তেনেদৰে শিৱশংকৰৰ জালত পৰা দুগৰাকী ভুক্তভোগী মহিলাই এইবাৰ সংবাদমাধ্যমৰ কাষ চাপিল । মহিলা দুগৰাকীয়ে অভিযোগ কৰা মতে তেওঁ বিবাহিত আৰু বিবাহ বিচ্ছেদ হৈছে লগতে তেওঁৰ এজনী ছোৱালীও আছে বুলি শিৱশংকৰে নিশ্চিত প্ৰমাণ দিয়ে । লগতে তেওঁলোকক বিবাহ বিচ্ছেদৰ প্ৰমাণপত্ৰও দেখুৱাইছিল । দৰমহাৰ প্ৰমাণ দেখুৱাই কৈছিল যে তেওঁ এটা আইটি কোম্পানীৰ কৰ্মচাৰী আৰু প্ৰায় ২ লাখ টকা দৰমহা পায় ।

ভুক্তভোগী মহিলাই উল্লেখ কৰা মতে শিৱশংকৰৰ কথা সঁচা বুলি বিশ্বাস কৰি তেওঁৰ পৰিয়ালে লাখ টকাৰ যৌতুক দি বিয়াখন সম্পন্ন কৰিছিল । বিয়াৰ পাছতে শিৱশংকৰে পত্নীক কামৰ পৰা অব্যাহতি ল'বলৈ কৈছিল । তাৰ পাছতে প্ৰৱঞ্চক শিৱশংকৰে কৈছিল যে তেওঁ কাম কৰা কোম্পানীটোৱে তেওঁক কোনো কামৰ বাবে আমেৰিকালৈ পঠিয়াইছে । যাৰ বাবে তেওঁক কিছু ধনৰ প্ৰয়োজন ।

আমেৰিকালৈ যোৱাৰ অজুহাতত পত্নী আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ পৰা কেইবা লাখ টকাও লৈছিল শিৱশংকৰে । পাছত তেওঁ কৈছিল যে তেওঁৰ আমেৰিকা ভ্ৰমণ পিছুৱাই দিয়া হৈছে । আনহাতে আমেৰিকালৈ যাম বুলি লোৱা ধনখিনিও সোনকালে উভতাই দিব বুলিও কৈছিল ।

বহু দিনলৈ ধন উভতাই নিদিয়াত ভুক্তভোগীয়ে মেদক জিলাৰ ৰামচন্দ্ৰপুৰম আৰক্ষীৰ কাষ চাপিছিল আৰু তেওঁলোকে শিৱশংকৰ বাবুক মাতি পঠিয়ালে । সেই সময়ত তেওঁ আন এগৰাকী মহিলাৰ সৈতে আৰক্ষী চকীলৈ আহিছিল আৰু কৈছিল যে সেই মহিলাগৰাকী তেওঁৰ পত্নী । আনকি সেই মহিলাগৰাকীক ধন উভতাই দিয়াৰ বাবে তেওঁ মধ্যস্থতাকাৰী হিচাপে ৰাখিছিল ।

পাছত মহিলা দুয়োগৰাকীয়ে কথা পাতিছিল আৰু শিৱশংকৰৰ প্ৰৱঞ্চনাৰ ৰহস্যটো পোহৰলৈ আহিছিল । তেওঁলোকে গম পাইছিল যে শিৱশংকৰে দুয়োকে একেধৰণে প্ৰতাৰণা কৰিছিল আৰু তেওঁলোকৰ পৰা বহুত ধন লৈ থৈছিল । পাছত দ্বিতীয় মহিলাগৰাকীয়ে তেওঁৰ ভাতৃক শিৱশংকৰৰ ওপৰত নজৰ ৰাখিবলৈ কৈছিল ।

কিন্তু শিৱশংকৰৰ প্ৰৱঞ্চনাৰ কথা গম পাই তেওঁলোক আচৰিত হৈছিল কিয়নো একেটা কলনিৰে তিনিটা পথত তিনিগৰাকী মহিলাৰ সৈতে বাস কৰিছিল শিৱশংকৰে । পাছত তেওঁলোককো প্ৰৱঞ্চনা কৰি পলালে শিৱশংকৰে ।

বিষয়টো অধিক অনুসন্ধান কৰাত ভুক্তভোগী মহিলা দুগৰাকীয়ে গম পাইছিল যে তেওঁলোকৰ সৈতে ৭ গৰাকী মহিলাক তেনেদৰে বিয়াৰ নামত প্ৰৱঞ্চনা কৰিছিল শিৱশংকৰে । শিৱশংকৰে প্ৰথম বিবাহ ২০১৮ চনত তেওঁৰ গাঁৱত কৰাইছিল । তাৰ পিছত, কম সময়ৰ ভিতৰতে একেৰাহে এখন এখনকৈ বিয়া পাতিবলৈ আৰম্ভ কৰে । অৱশেষত, যোৱা এপ্ৰিলত তেওঁ এগৰাকী যুৱতীৰ সৈতে পলায়ন কৰে । জানিব পৰা মতে কেইবাখনো থানাত শিৱশংকৰৰ বিৰুদ্ধে ভুক্তভোগী মহিলাই এজাহাৰ দাখিল কৰিছে ।

লক্ষণীয়ভাৱে শিৱশংকৰে ৰাজ্যখনৰ মন্ত্ৰী আৰু প্ৰভাৱশালী বিজেপি নেতাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা আছে বুলিও কৈছিল মহিলাসকলক । সেয়েহে তেনে এগৰাকী প্ৰৱঞ্চকৰ সৈতে কোনো সম্পৰ্ক নাৰাখিবলৈও নেতাসকলক আহ্বান জনাইছে ভুক্তভোগী মহিলাই ।

উল্লেখ্য যে ভুক্তভোগীসকলৰ বেছিভাগেই হায়দৰাবাদ চহৰত বাস কৰা উচ্চ শিক্ষিত আৰু কৰ্মৰত মহিলা । বুধবাৰে চোমাজিগুড়া প্ৰেছ ক্লাবত সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰি ভুক্তভোগী মহিলা দুগৰাকীয়ে তেওঁলোকক প্ৰতাৰণা কৰা শিৱশংকৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।

লগতে পঢ়ক :নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত: 5 জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.