অসম

assam

বৰমা মহাবিদ্যালয়লৈ গ্ৰীণ চেম্পিয়ন বঁটা

By

Published : Aug 16, 2021, 10:01 AM IST

ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ে । বৰমা মহাবিদ্যালয়লৈ আগবঢ়োৱা হৈছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা । MGNCRE ৰ দ্বাৰা আয়োজিত স্বচ্ছতা এক্সন প্লেন শীৰ্ষক বিশেষ কাৰ্যসূচীৰ অধীনতে মহাবিদ্যালয়খনে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

National award to Barama college
বৰমা মহাবিদ্যালয়লৈ গ্ৰীণ চেম্পিয়ন বঁটা

বাক্সা, ১৬ আগষ্ট: ২০২০ বৰ্ষৰ পৰাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদানত ব্যাপক প্ৰভাৱ পেলাই আহিছে ক'ভিড-১৯ মহামাৰীয়ে । শিক্ষানুষ্ঠানৰ আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে অনলাইনযোগেহে পাঠদান কৰিবলগীয়া হৈছে । ইফালে, ৰাজ্যত এতিয়াও মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে । এনে উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাক্সা জিলাৰ এখন মহাবিদ্যালয়ে সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিছে ।

ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনস্থ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ শিক্ষা পৰিষদে(MGNCRE) আয়োজন কৰা স্বচ্ছতা এক্সন প্লেন শীৰ্ষক বিশেষ কাৰ্যসূচীৰ অধীনত বাক্সা জিলাৰ ঐতিহ্যমণ্ডিত বৰমা মহাবিদ্যালয়ে লাভ কৰিছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা । স্বচ্ছতা কৰ্মসূচী ২০২০-২১ বৰ্ষৰ অধীনত মহাবিদ্যালয়খনে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

সেউজকৰণৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ বাবে গ্ৰীণ চেম্পিয়ন বঁটা আগবঢ়োৱা হৈছে । স্বাভাৱিকতে এই খবৰে উৎফুল্লিত কৰি তুলিছে বাক্সা জিলাৰ ৰাইজৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক গোট আৰু ছাত্ৰ-ছাত্ৰীসকলক ।

উল্লেখ্য যে, বৰমা মহাবিদ্যালয়ৰ চৌহদত সেউজকৰণ, জল আৰু শক্তি সংৰক্ষণ, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মহাবিদ্যালয়খন গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় শিক্ষা পৰিষদৰ তৰফৰ পৰা ড° সবিতা মিশ্ৰৰ হৈ বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গে বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষক এই বঁটা প্ৰদান কৰে ৷

আনহাতে, বৰমা মহাবিদ্যালয়ে উচ্চ শিক্ষাৰ উত্তৰণৰ সমান্তৰালকৈ সমাজ আৰু পৰিৱেশৰ সামগ্ৰিক উত্তৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰি অহাৰ বাবে এই সাফল্য লাভ কৰা বুলি মন্তব্য কৰিছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসে । তেওঁ এই সফলতাৰ বাবে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক গোট তথা কৰ্মচাৰীবৃন্দৰ শলাগ লয় । তদুপৰি অধ্যক্ষ দাসে মহাবিদ্যালয়খনৰ এই বাৰ্তাই সমাজলৈ এক ইতিবাচক বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: স্বাধীনতা দিৱস পালন কৰি আত্মজাহৰ ভাবুকি কাউৰজাহীবাসীৰ

ABOUT THE AUTHOR

...view details