স্বাধীনতা দিৱস পালন কৰি আত্মজাহৰ ভাবুকি কাউৰজাহীবাসীৰ

By

Published : Aug 16, 2021, 7:53 AM IST

thumbnail

কলগাছিয়াত মহকুমা ভিত্তিত আয়োজিত 75 তম স্বাধীনতা দিৱসৰ উদযাপনৰ অংশ হিচাপে বিধায়কৰ উপস্থিতিত চক্ৰ বিষয়াই পতাকা উত্তোলন কৰে ৷ মহকুমা ভিত্তিত আয়োজিত এই স্বাধীনতা দিৱসত উপস্থিত থাকে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম ৷ মুক্তিযোদ্ধাৰ লগতে বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱাৰ লগতে এগৰাকী কৃতি খেলুৱৈ, আদৰ্শ খেতিয়ক তথা এগৰাকী স্বাধীনতা সংগ্ৰামীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ইয়াৰ উপৰিও কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে নিষ্ঠাৰে কৰ্ম কৰা প্ৰয়াত বাছেৰ আলিক তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতিস্বৰূপে মৰণোত্তৰভাৱে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ইফালে 75 তম স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি নৈৰ বুকুত আত্মজাহ যোৱাৰ ভাবুকি কলগাছিয়াৰ কাউৰজাহীবাসীৰ ৷ বেকী নৈৰ পাৰত স্বাধীনতা দিৱস উদযাপন কৰি এই ভাবুকি দিলে কাউৰজাহীৰ খহনীয়াগ্ৰস্ত লোকে ৷ বিগত 5 মাহ ধৰি বেকী নদীৰ খহনীয়াই তাণ্ডৱ চলাই নৈপৰীয়া ৰাইজৰ ঘৰ-ভেটি উচন কৰাৰ পাচতো খহনীয়া ৰোধৰ বাবে চৰকাৰী পক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে খহনীয়াগ্ৰস্ত লোকসকল ৷ এই সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ লগতে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নৈৰ বুকুত আত্মজাহ যোৱাৰ ভাবুকি দিয়ে উপস্থিত লোকসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.