অসম

assam

Cricket World Cup 2023 : ইতিহাস সৃষ্টি কৰিব পাৰে শুভমন গীলে !

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 7:38 PM IST

ভাৰতীয় ক্ৰিকেট দলৰ যুৱ অ’পেনিং বেটছমেন শুভমন গীলে কিছুদিনৰ পৰা ক্ৰিকেটত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। এতিয়া বিশ্বকাপ ২০২৩ৰ ১৭ সংখ্যক মেচত ডাঙৰ অভিলেখ গঢ়িবলৈ সুযোগ পাব গীলে। এদিনীয়া ক্ৰিকেটত বাংলাদেশৰ বিৰুদ্ধে ২,০০০ ৰাণ সংগ্ৰহৰ অভিলেখ গঢ়িব পাৰে গীলে।

World Cup 2023 IND vs BAN
হাছিম আমলাক পিছ পেলাব পাৰে গীলে

স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ : পুনেৰ এমচিএ ক্ৰিকেট ষ্টেডিয়ামত বৃহস্পতিবাৰে ভাৰত আৰু বাংলাদেশৰ মাজত চলিত বিশ্বকাপৰ ১৭ সংখ্যক খেল অনুষ্ঠিত হৈছে ৷ এই মেচত ভাৰতীয় অ’পেনিং বেটছমেন শুভমন গীলে নিজৰ নামত এক অভিলেখ গঢ়িবলৈ সুযোগ লাভ কৰিছে ৷ ভাৰতৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন শিখৰ ধৱনৰ অভিলেখ ভংগ কৰি ভাৰতৰ হৈ এদিনীয়া ফৰ্মেটত সৰ্বাধিক ২,০০০ ৰাণ সংগ্ৰহ কৰা বেটছমেন হিচাবে পৰিগণিত হোৱাৰ সুযোগ লাভ কৰিছে গীলে ৷ ইয়াৰ সমান্তৰালকৈ গীলে বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুততম ২,০০০ ৰাণ সম্পূৰ্ণ কৰা দক্ষিণ আফ্ৰিকাৰ বেটছমেন হাছিম আমলাকো পিছ পেলোৱাৰ সুযোগ পাব ৷

ইতিহাস সৃষ্টি কৰিব পাৰে শুভমন গীলে-

শুভমন গীলে এতিয়ালৈকে ভাৰতৰ হৈ ৩৬ খন মেচৰ ৩৬ টা ইনিংছত গড়ে ৬৪.৪৩ আৰু ষ্ট্ৰাইক ৰেট ১০৩.০৯ লৈ ১,৯৩৩ ৰাণ সংগ্ৰহ কৰিছে ৷ এই সময়ছোৱাত গীলে ৬ টা শতক আৰু ৯ টা অৰ্ধশতক অৰ্জন কৰিছে ৷ ভাৰতৰ হৈ গীলে দ্বৈত শতক অৰ্জন কৰিছে ৷ তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ২০৮ ৰাণ ৷ এতিয়া শুভমন গীলে ৩ টা ইনিংছত ৬৭ ৰাণ সংগ্ৰহ কৰি এদিনীয়া ক্ৰিকেটত সাৰ্বাধিক ২,০০০ ৰাণ সম্পূৰ্ণ কৰা দ্ৰুত বেটছমেন হোৱাৰ সুযোগ পাব ৷

গীলে হাছিম আমলাক পিছ পেলাব পাৰে-

বিশ্ব ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম ২,০০০ ৰাণ সম্পূৰ্ণ কৰাৰ অভিলেখ হাছিম আমলাৰ হাতত আছে ৷ তেওঁ ৪০ টা এদিনীয়া ইনিংছত ২,০০০ ৰাণ সম্পূৰ্ণ কৰিছে ৷ ২০০৮ চনৰ ৯ মাৰ্চত ভাৰতৰ বিৰুদ্ধে ৪১ ইনিংছত ২,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল আমলাই ৷ এতিয়া বাংলাদেশৰ বিৰুদ্ধে যদি গীলে ৬৭ ৰাণ সংগ্ৰহ কৰে তেন্তে তেওঁ আমলাক পিছ পেলাই ২,০০০ এদিনীয়া ৰাণ সম্পূৰ্ণ কৰা বিশ্বৰ সৰ্বাধিক দ্ৰুততম বেটছমেন হিচাবে পৰিগণিত হ’ব ৷

শিখৰ আৰু সিদ্ধুক অভাৰটেক কৰাৰ সুযোগ-

বৰ্তমান শিখৰ ধাৱান ২,০০০ ৰাণ সম্পূৰ্ণ কৰা সৰ্বাধিক দ্ৰুততম ভাৰতীয় হোৱাৰ ক্ষেত্ৰত ১ নম্বৰত আছে ৷ তেওঁ ৪৮ টা ইনিংছত ২,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল ৷ এতিয়া গীলে তেওঁৰ পৰা ১ নম্বৰৰ মুকুট কাঢ়ি ল’ব পাৰে ৷ ধাৱানৰ পিছতে নৱজোত সিং সিদ্ধুৰ স্থান ২ নম্বৰত ৷ যিয়ে ৫২ টা ইনিংছত ২,০০০ ৰাণ সম্পূৰ্ণ কৰিছে ৷

লগতে পঢ়ক :CWC 2023 IND vs BAN : বিশ্বকাপৰ সপ্তদশ মেচত ভাৰত বমান বাংলাদেশ; ভাৰতৰ সন্মুখত ২৫৭ ৰাণৰ বিজয় লক্ষ্য

ABOUT THE AUTHOR

...view details