ETV Bharat / sports

World Cup 2023: বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত জয়ী মেন ইন ব্লু

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:27 PM IST

Updated : Oct 19, 2023, 9:50 PM IST

বিশ্বকাপ 2023 ৰ 17 সংখ্যক মেচখনত ভাৰতে বাংলাদেশক 7 উইকেটত পৰাস্ত কৰিছে ৷ বিৰাট কোহলিয়ে 103 আৰু শুভমন গীলে 53 ৰাণৰ দৰ্শনীয় ইনিংছ খেলে ৷ বৰ্তমানলৈকে ভাৰতে নিজৰ চাৰিওখন মেচতে জয়লাভ কৰিছে ৷

বিশ্বকাপৰ সপ্তদশ মেচত ভাৰত বমান বাংলাদেশ
CWC 2023 IND vs BAN

স্পৰ্টছ ডেস্ক, ১৯ অক্টোবৰ : চলিত বিশ্বকাপত লীগ পৰ্যায়ৰ চাৰিখনখন মেচত একেৰাহে বিজয় সাব্যস্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলে ৷ বৃহস্পতিবাৰে পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত বিৰাট কোহলিৰ শতকেৰে ভাৰতে বাংলাদেশৰ বিৰুদ্ধে 7 উইকেটত সহজে বিজয় সাব্যস্ত কৰে ৷

257 ৰাণৰ বিজয় লক্ষ্য আগত লৈ ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি 3 উইকেটৰ বিনিময়ত 261 ৰাণ সংগ্ৰহ কৰি বিজয় লক্ষ্যত উপনীত হয় ৷ আৰম্ভণিতেই ভাৰতে অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গীলৰ বিস্ফোৰক বেটিঙৰ সহায়ত শক্তিশালী স্থিতিত উপনীত হয় ৷ ৰোহিত শৰ্মাই স্বভাৱ সুলভ বিস্ফোৰক বেটিঙেৰে 40 টা বলত 48 ৰাণ সংগ্ৰহ কৰে ৷ 7 টা চাৰি আৰু 2 টা বিশাল ছয়ৰে ৰোহিত শৰ্মাই 48 ৰাণ সংগ্ৰহ কৰি হাছান মাহমুদৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ আনহাতে শুভমন গীলে 5 টা চাৰি আৰু 2 টা ছয়ৰে 55 টা বলত 53 ৰাণ সংগ্ৰহ কৰি মেহদি হাছানৰ বলত পেভিলিয়নমুখী হয় ৷

ইয়াৰ পাছতেই তাৰকা বেটছমেন বিৰাট কোহলি আৰু কে.এল. ৰাহুলে দলক বিজয় লক্ষ্যত উপনীত কৰায় ৷ বিৰাট কোহলীয়ে 41.3 অভাৰত এটা বিশাল ছয়ৰে দলক বিজয়ৰ সোৱাদ দিয়াৰ লগতে শতৰাণ সম্পূৰ্ণ কৰে ৷ কোহলীয়ে 97 টা বলত 103 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি অপৰাজিত হৈ থাকে ৷ কোহলিয়ে 6 টা চাৰি আৰু 4 টা ছয়ৰে নিজৰ শতৰাণ সম্পূৰ্ণ কৰে ৷ কে.এল. ৰাহুলে 34 টা বলত 34 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ বাংলাদেশৰ হৈ মেহদি হাছান মিৰ্জাই 2 টা উইকেট দখল কৰাৰ বিপৰীতে হাছান মাহমুদে 1 টা উইকেট দখল কৰে ৷

ইফালে বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্তৰে ক্ৰীজত নামে । বাংলাদেশে নিৰ্ধিত ৫০ অভাৰত ৮ উইকেটত ২৫৬ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ বাবে ক্ৰমাগত চতুৰ্থখন মেচত জয়লাভৰ বাবে এতিয়া বিজয় লক্ষ্য ২৫৭ ৰাণৰ ।

প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লোৱা বাংলাদেশৰ আৰম্ভণি অতি সুন্দৰ আছিল । দুয়োগৰাকী অপেনাৰে সুন্দৰভাৱে খেলি প্ৰাৰম্ভিক উইকেটত দলৰ ৰাণৰ ভেটি সুদৃঢ় কৰে । অপেনাৰ তানজিদ হাচানে ৪৩ বলত ৫১ ৰাণ সংগ্ৰহ কৰে । আনহাতে, লিটন দাসে ৮২ ৰাণত ৬৬ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে আৰম্ভণি সুন্দৰ হ'লেও ভাৰতীয় স্পীনাৰ কুলদীপ যাদৱে প্ৰথমটো আঘাত হানে বাংলাদেশৰ শিবিৰত । ইয়াৰ পিছতে ভাৰতীয় বলাৰসকল নিজৰ গতিলৈ উভতি আহে ।

এটা সময়ত বাংলাদেশে ৩০০ ৰাণৰ সীমা অতিক্ৰম কৰিব যেন অনুমান হৈছিল যদিও ভাৰতীয় বলাৰসকলে পুনৰ নিয়ন্ত্ৰিত বলিঙেৰে ২৫৬ ৰাণতে সীমাবদ্ধ ৰাখে । বাংলাদেশৰ হৈ তৃতীয় সৰ্বাধিক ৰাণ আহে মহমুদুল্লাহৰ বেটৰ পৰা । তেওঁ ৩৬ বলত ৪৬ ৰাণ সংগ্ৰহ কৰে । আনহাতে, মুচফিকুৰ ৰহমানে ৩৮ ৰাণৰ বৰঙণি আগবঢ়ায় ।

ভাৰতৰ হৈ সফল বলাৰ হৈছে ৰবীন্দ্ৰ জাদেজা । জাদেজাই নিজৰ ১০ অভাৰত ৩৮ ৰাণৰ বিনিময়ত দুটা উইকেট দখল কৰে । আনহাতে, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজেও দুটাকৈ উইকেট লাভ কৰে । এটাকৈ উইকেট দখল কৰে কুলদীপ যাদৱ আৰু শাৰ্দুল ঠাকুৰে ।

মূল একাদশ

ভাৰত : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ ।

বাংলাদেশ : লিটন দাস, তানজিদ হাছান, নাজমুল হোছেইন শান্তো (অধিনায়ক), মেহিদি হাছান মিৰাজ, মুচফিকুৰ ৰহিম (উইকেটৰক্ষক), তৌহিদ হৃদয়, মাহমুদুল্লাহ, নচুম আহমেদ, হাছান মাহমুদ, মুস্তাফিজুৰ ৰহমান, চৰিফুল ইছলাম ।

লগতে পঢ়ক :IND vs BAN 2023 : ২৫ বছৰৰ অন্তত ঘৰুৱা খেলপথাৰত বাংলাদেশৰ মুখামুখি হ'ব ভাৰত

Last Updated : Oct 19, 2023, 9:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.