ETV Bharat / sports

IND vs BAN 2023 : ২৫ বছৰৰ অন্তত ঘৰুৱা খেলপথাৰত বাংলাদেশৰ মুখামুখি হ'ব ভাৰত

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 11:08 AM IST

পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত আজি ভাৰত আৰু বাংলাদেশৰ খেল । ২৭ বছৰৰ পাছত পুণে ষ্টেডিয়ামত পুনৰ অনুষ্ঠিত হৈছে বিশ্বকাপৰ খেল ।

IND vs BAN 2023
২৫ বছৰৰ অন্তত ঘৰুৱা খেলপথাৰত বাংলাদেশৰ মুখামুখি হ'ব ভাৰত

স্পৰ্টছ ডেস্ক,১৯ অক্টোবৰ : আজি আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ গুৰুত্বপূৰ্ণ খেল ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব । পুণেৰ গহুঞ্জেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখন । অপৰাজেয় ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটোক সমৰ্থনৰ বাবে ইতিমধ্যে ষ্টেডিয়ামৰ ওচৰে পাজৰে দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে । ভাৰতে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰিছিল । ইয়াৰ পাছত নতুন দিল্লীৰ কোটলাত আফগানিস্তানক পৰাস্ত কৰে আৰু পাছত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত চিৰ প্ৰতিদ্বন্দী পাকিস্তানক অতি সহজে পৰাস্ত কৰে । এতিয়া চতুৰ্থ খেলখনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ।

অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ২৫ বছৰৰ পাছত ঘৰুৱা খেলত আয়োজক ভাৰতে বাংলাদেশৰ মুখামুখি হ'ব । শেষবাৰৰ বাবে দুয়োটা দলে ৫০ অভাৰৰ ফৰ্মেটত ১৯৯৮ চনৰ কোকা-কোলা ত্ৰিদেশীয় শৃংখলাত খেলিছিল । য'ত কেনিয়াও আছিল ।

ভাৰত আৰু বাংলাদেশে অন্তিমবাৰৰ বাবে ভাৰতত এদিনীয়া ফৰ্মেটত খেলিছিল । ১৯৯৮ চনৰ ২৫ মে'ত মুম্বাইৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত দুয়োটা দলে অন্তিমবাৰৰ বাবে খেলিছিল ।

ইফালে ২৭ বছৰৰ পাছত পুণেৰ ষ্টেডিয়ামত বিশ্বকাপৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে । পুণেৰ ষ্টেডিয়ামখনত ১৯৯৬ চনৰ বিশ্বকাপত কেনিয়াই ৭৩ ৰাণত ৱেষ্ট ইণ্ডিজক কৰিছিল । ৱেষ্ট ইণ্ডিজৰ দলটোত কাৰ্টলি এমব্ৰোছৰ দৰে শীৰ্ষ খেলুৱৈ আছিল ।

ইফালে, ভাৰতৰ বলিং প্ৰশিক্ষক পাৰশ মাম্ব্ৰেয়ে কয় যে দলটোৱে বিজয়ী সংমিশ্ৰণটো ভাঙিব বিচৰা নাই । যাৰ বাবে ফাষ্ট বলাৰ মহম্মদ ছামী আৰু অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক পুনৰ এবাৰ বেঞ্চত বহিব থকা দেখা যাব পাৰে । ভাৰত আৰু বাংলাদেশে সামগ্ৰিকভাৱে ৫০ অভাৰৰ ফৰ্মেটত ৪০ বাৰ মুখামুখি হৈছে আৰু ভাৰতে ৩১ খন খেলত জয়ী হৈছে । বাংলাদেশে ৮ খন খেলত জয়ী হৈছে । আনহাতে এখন খেলৰ কোনো ফলাফল পোৱা হোৱা নাছিল ।

দুয়োটা দলে ভাৰতত ৫০ অভাৰৰ ফৰ্মেটত তিনিবাৰকৈ মুখামুখি হৈছে আৰু ভাৰতীয় দলটোৱে তিনিওবাৰতে বিজয়ী হৈ উঠিছে । এদিনীয়া বিশ্বকাপত ভাৰত আৰু বাংলাদেশ ৪ বাৰ কৈ মুখামুখি হৈছে আৰু ভাৰতে ৩ খন খেলত জয়লাভ কৰিছে, আনহাতে বাংলাদেশে মাত্ৰ এখনত বিজয় হৈছে ।

পুণেৰ বতৰ ফৰকাল হৈ থাকিব বুলি আশা কৰা হৈছে আৰু সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থাকিব বুলি আশা কৰা হৈছে । আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) মতে সৰ্বনিম্ন তাপমাত্ৰা ২১ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থাকিব । মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচনে খেলখন সফলভাৱে অনুষ্ঠিত কৰবিলৈ সকলো ফালৰ পৰা চেষ্টা অব্যাহত ৰাখিছে ।

ভাৰতে জয়ৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা কৰা হৈছে যদিও আফগানিস্তানে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰাৰ পাছত আৰু নেডাৰলেণ্ডে ধৰ্মশালাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰাৰ পাছতে বাংলাদেশেও এই বিশ্বকাপৰ তৃতীয়টো অঘটন কৰিব পাৰে বুলি সন্দেহ কৰা হৈছে । অৱশ্যে ভাৰতীয় দলটোৰ শেহতীয়া প্ৰদৰ্শন আৰু ফৰ্মৰ ফালৰ পৰা কোনো চিন্তাৰ কাৰণ নাই ।

এদিনীয়া বিশ্বকাপত ভাৰত বনাম বাংলাদেশ :

১. ২০০৭ - বাংলাদেশ ৫ উইকেটত বিজয়ী - গ্ৰুপ পৰ্যায় - পোৰ্ট অফ স্পেইন, ৱেষ্ট ইণ্ডিজ

২. ২০১১ - ভাৰত ৮৭ ৰাণত বিজয়ী - গ্ৰুপ পৰ্যায়, মিৰপুৰ, বাংলাদেশ

৩. ২০১৫ - ভাৰত ১০৯ ৰাণত বিজয়ী - কোৱাৰ্টাৰ ফাইনেল - মেলবৰ্ণ, অষ্ট্ৰেলিয়া

৪. ২০১৯ - ভাৰত ২৮ ৰাণত বিজয়ী - ৰাউণ্ড ৰবিন - বাৰ্মিংহাম, ব্ৰিটেইন

লগতে পঢ়ক :ICC ODI rankings: কোহলিক চেৰ পেলাই আই চি চি এদিনীয়া ৰেংকিঙত ষষ্ঠ স্থানলৈ উন্নীত ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.