অসম

assam

TATA IPL 2023 : IPLত নিষিদ্ধ CAA আৰু NRC বিৰোধী যিকোনো সামগ্ৰী

By

Published : Apr 3, 2023, 4:48 PM IST

আইপিএল ২০২৩ চলি আছে (TATA IPL 2023)। আজি চেন্নাই চুপাৰ কিংছ আৰু লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হ'ব খেল । ইয়াৰ মাজতে টিকট বিক্ৰী কৰা ফ্ৰেঞ্চাইজিবোৰে দৰ্শকসকলৰ বাবে বিশেষ সতৰ্কবাণী দিছে ।

TATA IPL 2023
IPLৰ দৰ্শকলৈ বিশেষ সতৰ্কবাণী

স্পৰ্টছ ডেস্ক,৩ এপ্ৰিল :৩১ মাৰ্চৰ পৰা আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৩ বৰ্ষৰ সংস্কৰণ (TATA IPL 2023)। প্ৰিয় দলটোক উৎসাহিত কৰাৰ বাবে ষ্টেডিয়ামবোৰত যথেষ্ট দৰ্শকৰ ভিৰ দেখা গৈছে । ইয়াৰ মাজতে ক্ৰিকেট অনুৰাগীসকলৰ প্ৰতি বিশেষ আহ্বান জনাইছে টিকট বিক্ৰী কৰা ফ্ৰেঞ্চাইজিবোৰে ।

খেল উপভোগ কৰাৰ সময়ত দৰ্শকে যাতে কোনো অনুপযুক্ত কাম নকৰে তাৰবাবে ফ্ৰেঞ্চাইজিবোৰে ক্ৰিকেট অনুৰাগীসকলক অনুৰোধ জনাইছে । যদি কোনো দৰ্শকে ষ্টেডিয়ামত বিতৰ্কিত পোষ্টাৰ প্ৰদৰ্শন কৰে, তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়া হৈছে ।

বিচিচিআইৰ পৰামৰ্শ অনুসৰি এই সতৰ্কবাণী জাৰি কৰা হৈছে । গুজৰাট টাইটানছ, লক্ষ্ণৌ চুপাৰ জায়েন্টছ, চেন্নাই চুপাৰ কিংছ, দিল্লী কেপিটেলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ টিকট অংশীদাৰ পেটিএম ইনচাইডাৰে এই সতৰ্কবাণী জাৰি কৰিছে (Warning to IPL spectators)। এই সতৰ্কবাণী মোহালিৰ পঞ্জাৱ ক্ৰিকেট এছ'চিয়েচন (পিচিএ) ষ্টেডিয়াম, দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম, তেলেংগানাৰ হায়দৰাবাদ ক্ৰিকেট ষ্টেডিয়াম আৰু গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত প্ৰযোজ্য হ'ব বুলিও কোৱা হৈছে (Paytm Insider Warning to IPL spectators)।

সতৰ্কবাণী অনুসৰি ক্ৰিকেট অনুৰাগীসকলক নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)ৰ বিৰোধিতা কৰা সামগ্ৰী ষ্টেডিয়ামলৈ কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে (IPL Advisory on CAA and NRC Protest)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সৈতে পৰামৰ্শৰ পাছত এই নিৰ্দেশনা দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে । দিল্লী জিলা ক্ৰিকেট সংস্থাৰ (ডিডিচিএ) এগৰাকী বিষয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে খেলৰ টিকট দিয়া ফ্ৰেঞ্চাইজিৰ এইটো অধিকাৰ ।

বিষয়াগৰাকীৰ মতে তেওঁলোক কেৱল সূত্ৰধাৰ হে । ফ্ৰেঞ্চাইজিক ষ্টেডিয়াম দিয়া হয় । টিকট প্ৰদানৰ ক্ষেত্ৰত ক্ৰিকেট সংস্থাৰ কোনো ভূমিকা নাথাকে বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে ফিফা বিশ্বকাপ ২০২২ ৰ সময়ত কিছুমান দেশৰ খেলুৱৈয়ে কাটাৰৰ আইনৰ ওপৰত আপত্তি জনাই প্ৰতিবাদ কৰিছিল । খেলুৱৈসকলে প্ৰতিবাদস্বৰূপে হাতত বিশেষ বেণ্ড পিন্ধি খেলপথাৰলৈ ওলাই আহিছিল । তেতিয়া ফিফাই খেলুৱৈসকলক হালধীয়া কাৰ্ড দেখুৱাইছিল আৰু খেলুৱৈসকলে বিশেষ বেণ্ডবোৰ আঁতৰাবলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক :IPL 2023 MI Vs RCB: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 8 উইকেটত জয় RCB ৰ; কোহলী, ডু প্লেচিছৰ শ্বটৰ ধুমুহা

ABOUT THE AUTHOR

...view details