ETV Bharat / sports

IPL 2023 MI Vs RCB: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 8 উইকেটত জয় RCB ৰ; কোহলী, ডু প্লেচিছৰ শ্বটৰ ধুমুহা

author img

By

Published : Apr 2, 2023, 8:11 PM IST

Updated : Apr 3, 2023, 12:26 AM IST

IPL 2023 ৰ এখন খেলত আজি এম চিন্নস্বামী ষ্টেডিয়ামত মুখামুখি হয় মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰু ৷ RCB ক 172 ৰাণৰ লক্ষ্য বান্ধি দিয়ে MI য়ে (MI Vs RCB match updates) ৷ কিন্তু অতি সহজে 8 উইকেটত জয়লাভ কৰে RCB য়ে ৷

MI Vs RCB match updates
IPL 2023 MI Vs RCB

নিউজ ডেস্ক, 2 এপ্ৰিল: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে IPL 2023 ৰ এখন খেলত 8 উইকেটত জয়লাভ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ৷ দুই অপেনাৰ বিৰাট কোহলী আৰু ফাফ ডু প্লেচিছৰ আক্ৰমণাত্মক বেটিঙে দিশহাৰা কৰি তোলে মুম্বাই ইণ্ডিয়ানছৰ বলাৰ সকলক ৷ বিস্ফোৰক বেটিঙেৰে দুই অপেনাৰে RCB দলক জয়ৰ দিশে আগুৱাই নিয়ে ৷ জয়ৰ বাবে তেওঁলোকক নিৰ্ধাৰিত 20 অভাৰত প্ৰয়োজন আছিল 172 ৰাণৰ ৷

টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে RCB ৰ অধিনায়ক ফাফ ডু প্লেচিছে ৷ MI ৰ হৈ বেটিং কৰিবলৈ আহে অধিনায়ক ৰোহিত শৰ্মা আৰু উইকেট কীপাৰ বেটচমেন ঈশান কিষাণ ৷ কিন্তু 2.3 অভাৰত 11 ৰাণত ঈশানে নিজৰ উইকেট হেৰুৱাই পেভিলিয়নমুখী হয় ৷ ৰোহিত শৰ্মায়ো 1 ৰাণ কৰিয়েই খেলপথাৰৰ পৰা বিদায় লয় ৷ একেদৰে কেমেৰুণ গ্ৰীণে মাত্ৰ 5 ৰাণহে কৰিবলৈ সক্ষম হয় ৷

5.2 অভাৰত 20 ৰাণত তিনিটা উইকেট হেৰুওৱাৰ পাচত সূৰ্যকুমাৰ যাদৱ আৰু তিলক বাৰ্মাই দলৰ স্ক’ৰ কিছু আগুৱাবলৈ সক্ষম হয় ৷ কিন্তু ব্ৰাউচৱেলৰ বলত কেচ আউট হয় সূৰ্যকুমাৰ যাদৱ ৷ এইদৰে ধাৰাবাহিক গতিত উইকেট হেৰুৱাই বিপদত পৰে MI দলটো ৷ কিন্তু তিলকে দলক ভৰশা দি স্ক’ৰ আগুৱাই নিয়ে আৰু সংগ দিয়ে নেহাল ৱাধেৰাই ৷ তিলক বাৰ্মাই অপৰাজিত 84 ৰাণৰ ইনিংছ খেলে ৷ তেওঁৰ অৰ্ধশতকটোত আছিল 9 টা চাৰি আৰু 4 টা ছয় ৷ নিৰ্ধাৰিত 20 অভাৰত 7 টা উইকেট হেৰুৱাই 171 ৰাণ সংগ্ৰহ কৰে MI দলে ৷

দ্বিতীয় ইনিংছত 172 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা RCB ৰ দুই অপেনাৰে প্ৰথমৰ পৰাই মাৰমুখী বেটিং প্ৰদৰ্শন কৰে ৷ অধিনায়ক ফাফ ডু প্লেচিছে 3 টা বলত 5 টা চাৰি আৰু 6 টা ছয় কোবাই 73 ৰাণ সংগ্ৰহ কৰে ৷ আৰ্শ্বাদ খানৰ বলত এটা অভাৰ বাউণ্ডেৰী কোবাবলৈ গৈ কেচ আউট হয় ডু প্লেচিছ ৷ বিৰাট কোহলীয়েও বিস্ফোৰক বেটিং কৰা দেখা যায় আজিৰ খেলত ৷ কোহলীয়ে 49 টা বল খেলি 6 টা চাৰি আৰু 5 টা ছয় কোবাই মুঠ 82 ৰাণ সংগ্ৰহ কৰি নট আউট হৈ ৰয় ৷ ডু প্লেচিছৰ পাচত বেটিং কৰিবলৈ অহা দীনেশ কাৰ্তিক অৱশ্য়ে ৰাণ নকৰাকৈয়ে পেভিলিয়নমুখী হয় ৷ গ্লেন মেক্সৱেলে টা বল খেলি ৰাণ কৰে ৷

RCB- বিৰাট কোহলী, ফাফ ডু প্লেছিচ (অ), গ্লেন মেক্সৱেল, মাইকেল ব্ৰেচৱেল, শ্বাহনৱাজ আহমেদ, দীনেশ কাৰ্তিক, কৰণ শৰ্মা, হৰ্শল পেটেল, আকাশদ্বীপ, ৰীচে টপ্লে, মঃ চিৰাজ (RCB playing Squad) ৷

MI- ৰোহিত শৰ্মা(অ), ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, কেমেৰুণ গ্ৰীণ, তিলক বাৰ্মা, টিম ডেভিদ, নেহাল ৱাধেৰা, হৃতিক শোকীন, পীযুষ চাওলা, জোফ্ৰা আৰ্চাৰ, আৰ্শ্বাদ খান (MI playing Squad) ৷

সোমবাৰৰ খেল: চেন্নাই চুপাৰ কিংছ বনাম লক্ষ্ণৌ চুপাৰ জায়েন্ট, খেলৰ স্থান- এম এ চিদাম্বৰম ষ্টেডিয়াম, চেন্নাই; খেলৰ সময়- সন্ধিয়া 7.30

লগতে পঢ়ক: IPL 2023 Live updates: SRH ৰ বিৰুদ্ধে 72 ৰাণত জয়লাভ ৰাজস্থান ৰয়েল; চাহালৰ 4 টা উইকেট দখল

Last Updated : Apr 3, 2023, 12:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.