ধৰ্ষণৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী নাসেৰ আলী - Attempt to rape case in Guwahati

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:49 PM IST

thumbnail
ধৰ্ষণৰ অপচেষ্টা চলাই ৰঙাঘৰৰ আলহী নাসেৰ আলী (ETV Bharat Assam)

গুৱাহাটী,৫জুন: চানমাৰিৰ ভাস্কৰ নগৰত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাই আৰক্ষী জালত পৰিল বৰপেটাৰ যুৱক । অভিযুক্ত যুৱকজন হৈছে বৰপেটাৰ নাসেৰ আলী বুলি জানিব পৰা গৈছে । আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি বৰপেটাৰ নাসেৰ আলীয়ে চানমাৰিৰ ভাস্কৰ নগৰত ভাৰাতীয়া হিচাপে থাকি ৰাজ মিস্ত্ৰী হিচাপে কাম কৰিছিল । দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত থকা হেতুকে নাসেৰ আলীৰ সৈতে ওচৰৰ এগৰাকী মহিলাৰ সৈতে চিনাকি হৈছিল । চিনাকি সূত্ৰে মহিলাগৰাকীৰ ঘৰলৈ মাজে মাজে অহা যোৱা আছিল নাসেৰ আলীৰ ।  

মঙলবাৰে মাজনিশা নাসেৰ আলীয়ে মহিলাগৰাকীৰ ঘৰলৈ আহি ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । মহিলাগৰাকীয়ে এই কাৰ্যত বাধা দিয়াৰ বাবেই নাসেৰ আলীয়ে ভুক্তভোগী মহিলাগৰাকীক প্ৰহাৰ কৰে । লগতে মহিলাগৰাকীৰ সোণৰ আ-অলংকাৰ লুট কৰি নিয়ে । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে চানমাৰি থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(এ)/৩৭৬ নং ধাৰাৰ অধীনত থানাত ১৩৭/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাৰ পিচত অভিযুক্ত যুৱকজনক জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: নিশা ঘৰত প্ৰৱেশ কৰি সেনা জোৱানৰ পত্নীক দলবদ্ধ ধৰ্ষণ চাৰি দুৰ্বৃত্তৰ - Ranchi Gang Rape

নৃশংস হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ - HIRANMOY KHAKHLARI MURDER

তিনি যুৱকৰ নিকৃষ্টকাণ্ড: 15 বছৰীয়া কিশোৰীক অপহৰণ আৰু দলৱদ্ধ ধৰ্ষণ - Minor Girl Kidnapped And Gang Raped

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.