অসম

assam

Ira Khan Depression: আমিৰ খানৰ কন্যা ইৰাই মুকলিকৈ ক’লে ডিপ্ৰেচনৰ কাৰণৰ কথা

By

Published : Aug 8, 2023, 10:49 PM IST

ইৰা খানে নিজৰ মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ক’লে সংবাদ মাধ্যমত । এই সন্দৰ্ভত কি ক’লে জানো আহক ৷

One of the trigger points was my parents: Aamir Khan's daughter Ira Khan opens up on battle with 'genetic depression'
ইৰা খানে নিজৰ মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ ক’লে সংবাদ মাধ্যমত

চিটাৰা ডেস্ক, 8 আগষ্ট: আমিৰ খান আৰু ৰীনা দত্তৰ কন্যা ইৰা খানে বৰ্তমানলৈকে ছবিজগতত প্ৰৱেশ কৰা নাই যদিও তেওঁৰ ফেন ফ’ল’ৱাৰ এজন তাৰকাতকৈ কম নহয় । ইৰাই পোষ্ট প্ৰায়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হয় আৰু নিজৰ ব্যক্তিগত জীৱনৰ বিষয়েও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰা দেখা ইৰাক । শেহতীয়াকৈ ইৰাই নিজৰ মানসিক স্বাস্থ্যৰ কথা মুকলিকৈ কোৱা দেখা গ’ল । ইৰা এসময়ত ডিপ্ৰেচনৰ বলি হৈছিল । সেই পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰিছিল সেই কথা শ্বেয়াৰ কৰিলে ইৰাই ৷ ইৰাই প্ৰকাশ কৰিছে যে আমিৰ খান আৰু ৰীনা দত্তৰ বিবাহ বিচ্ছেদ কেনেকৈ তেওঁৰ বাবে ডিপ্ৰেচনৰ কাৰণ হৈ পৰিছিল ।

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইৰাই ডিপ্ৰেচনৰ ওপৰত মুকলিকৈ কথা পাতিছিল । ইৰাই কয়- মোৰ থেৰাপিষ্টে মোক কৈছিল যে মোৰ মাতৃ-পিতৃ মোৰ ট্ৰিগাৰ পইণ্ট। তেওঁলোকে নিজৰ বিবাহ বিচ্ছেদটো ভালকৈ চম্ভালিছিল । মই তেওঁলোকক দোষ নিদিও, তেওঁলোকে গম পোৱা নাছিল যে যিহেতু তেওঁলোকৰ বাবে বিবাহ বিচ্ছেদ ডাঙৰ কথা নহয়, কিন্তু এই পৰিস্থিতিৰ বিষয়ে মোৰ মূৰত অন্য এটা ধাৰণাই ঘৰ কৰিছিল ।

ডিপ্ৰেচনৰ বাবে নিজকে দোষাৰোপ কৰে ইৰাই

ইৰাই ক’লে- আমি অনুমান কৰোঁ আৰু সেইবোৰৰ বিষয়ে মানুহৰ লগত কথা পতাটো প্ৰয়োজনীয় বুলি নাভাবো ৷ গতিকে, মোৰ হতাশাৰ বাবে মই নিজকে দোষ দিওঁ। মই ২০ বছৰ এই বুলি ভাবি পাৰ কৰিলোঁ যে মানুহে আপোনাক ভাল পাবলৈ হ’লে আপুনি দুখী হ’ব লাগিব । কিন্তু এতিয়া মই কেনেকৈ উভতি যাম ? মই সুখী হ’ব বিচাৰো ! গতিকে এতিয়া, মই কৰা সকলো কাম পদ্ধতিগতভাৱে পুনৰ কৰিব লাগিব ।

ইৰাই পূৰ্বেও নিজৰ মানসিক স্বাস্থ্যৰ কথা মুকলিকৈ কৈছিল । এটা সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ পৰিয়ালত এই মানসিক স্বাস্থ্যৰ বিকাৰৰ অসুবিধাটো আছে । ইৰাই কয় -মানসিক স্বাস্থ্যৰ বিকাৰটো মোৰ বংশগত বেমাৰ ৷ ডিপ্ৰেছনটো অলপ জটিল । মোৰ ক্ষেত্ৰত ই আংশিক জেনেটিক । মা আৰু দেউতা দুয়োৰে ফালে মানসিক স্বাস্থ্যৰ সমস্যা আছে ।

উল্লেখ্য যে ২০০২ চনত আমিৰ খান আৰু ৰীনা দত্তৰ বিবাহ বিচ্ছেদ হয় । ৰীনাৰ বিবাহ বিচ্ছেদ হোৱাৰ পিচত আমিৰে ২০০৫ চনত কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হয় । চেৰ’গেচিৰ জৰিয়তে পুত্ৰ আজাদৰ পিতৃ-মাতৃ হৈছিল কিৰণ ৰাও আৰু আমিৰ খান ।

লগতে পঢ়ক:Don 3 : অপেক্ষাৰ অন্ত ! ফাৰহান আখতাৰে ঘোষণা কৰিলে ডন ৩, এইবাৰ শ্বাহৰুখৰ সলনি ৰণবীৰক দেখা যাব ডনত !

ABOUT THE AUTHOR

...view details