অসম

assam

যোৰহাটত হিতাধিকাৰীৰে প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেলী মত বিনিময়

By

Published : Jun 1, 2022, 9:00 AM IST

মঙলবাৰে চিমলাৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে যোৰহাটৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে ৷ এই মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana), প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, জল জীৱন মিছন, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি লাভ কৰা যোৰহাটৰ ভালেসংখ্যক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে ৷

PM Modi interact with beneficiaries of govt schemes through virtual conference  in Jorhat
যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

যোৰহাট, 1 জুন : ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘আজাদী কা অমৃত মহোৎসৱ’ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিমলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা দেশৰ বিভিন্ন স্থানৰ হিতাধিকাৰীৰ সৈতে ভাৰ্চুৱেল ব্যৱস্থাৰে কৰা মত বিনিময় কৰে (PM Modi interact with beneficiaries of govt schemes ) ৷ যোৰহাট জিলাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰে ৷

যোৰহাট জিলা প্ৰশাসন আৰু জিলা পৰিষদৰ উদ্যোগত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীৰ ভাষণ অনলাইনযোগে পোনপটীয়া সম্প্ৰচাৰ কৰা হয় । প্ৰধানমন্ত্ৰী আৱাস যোজনা (Pradhan Mantri Awas Yojana) , প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (Pradhan Mantri Ujjwala Yojana), প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (Pradhan Mantri Matru Vandana Yojana), জল জীৱন মিছন(Jal Jeevan Mission), প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আদি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ভালেসংখ্যক হিতাধিকাৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 8 বছৰ সম্পূৰ্ণ হৈছে আৰু এই সময়চোৱাত দেশখনক অৰ্থনৈতিক দিশত তেওঁ যথেষ্ট সুস্থিৰ কৰি ৰাখিছে ৷ চৰকাৰৰ বিভিন্ন আঁচনিসমূহে কেনেদৰে দৰিদ্ৰ পৰিয়ালসমূহৰ অভাৱসমূহ দূৰ কৰি মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে সেই সন্দৰ্ভটো মন্তব্য ৰাখে সাংসদগৰাকীয়ে ৷

সাংসদগৰাকীয়ে কয়, "পঞ্চায়তৰ ৱাৰ্ড কমিছনাৰৰ পৰা আশা-অংগনৱাড়ী কৰ্মী, চৰকাৰী বিষয়া-কৰ্মচাৰী তথা জনপ্ৰতিনিধি সকলোৱে আঁচনিসমূহ ৰূপায়ণৰ বাবে চেষ্টা কৰিছে আৰু আগলৈও সকলোৱে একত্ৰিতভাবে কাম কৰিলেহে এই আঁচনিসমূহ জীয়াই থাকিব ৷"

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয়, "জিলাখনত চৰকাৰে দিয়া আঁচনিসমূহ সফল ৰূপায়ণৰ বাবে সকলোৱে কষ্ট কৰিছে ৷ এই আঁচনিসমূহৰ ৰূপায়ণৰ জড়িয়তে ৰাইজক সহায় কৰিব পৰাতো জিলা প্ৰশাসনৰ বাবে গৌৰবৰ বিষয় ৷" তেওঁ লগতে কয় যে, আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত বিষয়াসকলৰ লগতে হিতাধিকাৰীসকলৰো দায়িত্ব আছে । আঁচনিসমূহৰ ব্যৱহাৰ সঠিক হ'লে সকলোৱে লাভৱান হ'ব বুলি উপায়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত কয় ৷

যোৰহাটত ভাৰ্চুৱেল ব্যৱস্থাৰে হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক সন্মান জনাই হিতাধিকাৰীসকলক বিভিন্ন আঁচনিসমূহৰ সুপ্ৰয়োগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভঁৰালী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঁঞা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণৱ কুমাৰ বৰা উপস্থিত থাকে ৷

ইয়াৰোপৰি, ঠেঙাল স্বায়ত্ব শাসিত পৰিষদৰ (Thengal Kachari Autonomous Council) অধ্যক্ষ কুমুদ কছাৰী, বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতা, অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েং, সমাজ সেৱিকা পদ্মশ্ৰী লখিমী বৰুৱা, পঞ্চায়তৰ বিষয়ববীয়াসকল, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন বিভাগসমূহৰ বিষয়াসকল আৰু বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :Garib Kalyan Sammelan: ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ ভাৰ্চুৱেল সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী

ABOUT THE AUTHOR

...view details