ETV Bharat / bharat

জীৱন্ত কন্যাৰ আদ্যশ্ৰাদ্ধ: এটা পৰিয়ালে নিজ কন্যাৰ বিৰুদ্ধে গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত - Father Printed Condolence Magazine

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 10:47 PM IST

Condolence Magazine of Alive Daughter: কন্যা জীয়াই থাকোতেই আদ্যশ্ৰাদ্ধ পাতিলে এটা পৰিয়ালে ৷ মৃতকৰ স্মৰণিকা ছপা কৰি বিতৰণ কৰিলে আত্মীয়-স্বজনক ৷ কিন্তু কিয় এই সিদ্ধান্ত ল’লে পৰিয়ালটোৱে ? সবিশেষ পঢ়ক...

Rajasthan
Father Printed Condolence Magazine (ETV Bharat Rajasthan)

নিউজ ডেস্ক, ২৩ মে’: কন্যা জীৱিত থকা অৱস্থাতে এজন পিতৃয়ে নিজে ছপা কৰিলে মৃতকৰ স্মৰণিকা । কেৱল এয়াই নহয়, পৰিয়ালটোৱে তেওঁলোকৰ কন্য়াৰ মৃত্যু হোৱা বুলি প্ৰেতকৰ্ম কৰাৰ লগতে ব্ৰত পালনো কৰিছে । ঘৰৰ পৰা পলাই গৈ অসবৰ্ণ বিবাহত কৰাৰ বাবেই যুৱতীগৰাকীৰ পিছতে পিতৃয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

জীৱিত কন্যাক মৃত হিচাপে গণ্য পিতৃৰ: দৰাচলতে দুমাহ আগতে যুৱতীগৰাকীয়ে অন্য সম্প্ৰদায়ৰ প্ৰেমিকৰ সৈতে পলাই গৈ বিয়া পাতিছিল । যেতিয়া আৰক্ষীয়ে তেওঁক আনি মাক-দেউতাকৰ সন্মুখত হাজিৰ কৰে, তেতিয়া যুৱতীগৰাকীয়ে তেওঁলোকক চিনি পোৱাৰ কথা অস্বীকাৰ কৰে । এই কথাত যুৱতীগৰাকীৰ পিতৃয়ে ইমানেই আঘাত পাইছিল যে তেওঁ নিজৰ ছোৱালীজনীক মৃত বুলি গণ্য কৰিছিল ।

পিতৃয়ে চপা কৰিলে মৃতকৰ স্মৰণিকা: পিতৃয়ে এখন স্মৰণিকা ছপা কৰি তাত ২২ মে’ত কন্যাৰ আদ্যশ্ৰাদ্ধ বুলি উল্লেখ কৰি আত্মীয়-স্বজনক উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায় । বুধবাৰে পিতৃকে ধৰি পৰিয়ালৰ পুৰুষসকলে মুণ্ডন কৰি মৃতকৰ ভোজৰ আয়োজন কৰে । পৰিয়ালটোক সান্ত্বনা দিবলৈ বহু আত্মীয়ও সমবেত হয় ।

পৰিয়ালৰ সদস্যৰ বেদনা: পৰিয়ালৰ লোকে কয় যে যিগৰাকী ছোৱালীক তেওঁলোকে মৰমেৰে ডাঙৰ-দীঘল কৰিছিল, আমাক অৱগত নকৰাকৈয়ে তেওঁ ইমান ডাঙৰ পদক্ষেপ ল’লে । আমাক লগ পোৱাৰ পিছত যেতিয়া তেওঁ চিনি নাপাওঁ বুলি কৈছিল, আমি সেইটো পাহৰিব পৰা নাছিলো । সেয়েহে সমগ্ৰ পৰিয়ালে এই পদক্ষেপ ল’বলগীয়া হ’ল । বৰ্তমান আৰক্ষী বিষয়টোৰ তদন্ত কৰিছে । ছোৱালীজনীৰ মাক-দেউতাকে কয় ‘‘যেতিয়াৰ পৰা আমাৰ ছোৱালীয়ে আমাক চিনিবলৈ অস্বীকাৰ কৰিলে, তেতিয়াৰ পৰা তাই আমাৰ বাবে মৰি গৈছে ।’’

নিৰুদ্দেশৰ প্ৰতিবেদন দাখিল: এই গোচৰৰ তদন্ত কৰি থকা তদন্তকাৰী বিষয়াই জনোৱা মতে, ১০ মাৰ্চত ছোৱালীজনী ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল । যাৰ বাবে পৰিয়ালৰ লোকে পিছদিনা ১১ মাৰ্চত তেওঁৰ নিৰুদ্দেশৰ অভিযোগ থানাত দাখিল কৰে । ইয়াৰ পিছত ১৪ এপ্ৰিলত ভায়েকৰ সৈতে বুজাবুজি কৰি ল’ৰাটোৱে ছোৱালীজনীক লৈ থানাত উপস্থিত হয় । ল’ৰা আৰু ছোৱালী দুয়োৰে পিতৃ-মাতৃক থানালৈ মাতি অনা হয় । য'ত ছোৱালীজনীয়ে পিতৃ-মাতৃক চিনি নাপাওঁ বুলি কৈছিল ৷

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ৰাজস্থানত ৷ দক্ষিণ ৰাজস্থানৰ ছোয়ৰা চহৰত সংঘটিত এই ঘটনাটোৱে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: ধৰ্ষণৰ 30 বছৰৰ পিচত ন্যায় বিচাৰ: দুই অভিযুক্তক 30 টকা জৰিমনাসহ 10 বছৰৰ কাৰাদণ্ড - Rape victim got justice

লগতে পঢ়ক: হিট্ এণ্ড ৰাণ: নাবালকৰ গাড়ীৰ খুন্দাত নিহত প্ৰেমিক-প্ৰেমিকা; ৰাজ্যৰ ৰাজনীতি গৰম কৰিছে এই দুঘৰ্টনাই - Pune Porsche Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.