অসম

assam

Yuvraj Singh Birthday : জন্মদিনত যুৱৰাজৰ মহান অভিলেখ স্মৰণ বিচিচিআইৰ

By

Published : Dec 12, 2022, 1:52 PM IST

প্ৰাক্তন ক্ৰিকেটাৰ যোগৰাজ সিঙৰ পুত্ৰ হৈছে যুৱৰাজ সিং । তেওঁৰ আক্ৰমণাত্মক বেটিঙৰ লগতে উপযোগী স্পিন বলিং আৰু আক্ৰমণাত্মক ফিল্ডিঙৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট খেলুৱৈসকলৰ মাজৰ এজন হিচাবে গণ্য কৰা হয় (Yuvraj Singh Birthday) ।

Yuvraj Singh Birthday
Yuvraj Singh Birthday

নিউজ ডেস্ক, ১২ ডিচেম্বৰ :ভাৰতীয় ক্ৰিকেট দলৰ বাঁওহতীয়া বেটছমেন তথা ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য যুৱৰাজ সিঙে আজি তেওঁৰ জন্মদিন উদযাপন কৰিছে (Yuvraj Singh Birthday) । তেওঁৰ জন্মদিনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (BCCI) অভিনন্দন জনাইছে তেওঁৰ কৃতিত্বৰ কথা স্মৰণ কৰি (BCCI Remembers Yuvraj Singh Record) ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে (Board of Control for Cricket in India) তেওঁক ৪০২ খন আন্তঃৰাষ্ট্ৰীয় মেচত ১১,৭৭৮ ৰাণ সংগ্ৰহ কৰা, ১৭ টা ইনিংছ খেলা আৰু ১৪৮ টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰাৰ বাবে অভিনন্দন জনাইছে । ইয়াৰ লগতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে 2007 আইচিচি টি-20 বিশ্ব চেম্পিয়নশ্বিপ (ICC T20 world cup 2007) আৰু 2011 আইচিচি বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য যুৱৰাজ সিঙৰ এখন ফটো শ্বেয়াৰ কৰিছে (ICC world cup 2011) । উক্ত ফটোখনত তেওঁক আক্ৰমণাত্মক শ্বট খেলি থকা দেখা গৈছে ।

জন্মদিনত যুৱৰাজৰ মহান অভিলেখ স্মৰণ বিচিচিআইৰ

যুৱৰাজ সিঙৰ জন্ম ১৯৮১ চনৰ ১২ ডিচেম্বৰত প্ৰাক্তন ক্ৰিকেটাৰ যোগৰাজ সিঙৰ ঘৰত হৈছিল (former cricketer Yograj Singh) । তেওঁৰ আক্ৰমণাত্মক বেটিঙৰ লগতে তেওঁক উপযোগী স্পিন বলিং আৰু আক্ৰমণাত্মক ফিল্ডিঙৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট খেলুৱৈসকলৰ মাজৰ এজন হিচাবে গণ্য কৰা হয় (Yuvraj Singh Birthday BCCI Remembers Great Record) ।

উল্লেখ্য যে তেওঁৰ পিতৃয়ে তেওঁক অতি কম বয়সতে ক্ৰিকেটৰ বাবে প্ৰস্তুত কৰিবলৈ মন স্থিৰ কৰিছিল । ইয়াৰ বাবে তেওঁক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে । 13 বছৰ বয়সতে তেওঁ পঞ্জাব অনূৰ্ধ্ব-16 দল আৰু তাৰ পিছত অনূৰ্ধ্ব-19 দলত প্ৰৱেশ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল । 1997 চনত যুৱৰাজে তেওঁৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰে আৰু তাৰ পিছত এটাৰ পিছত আন এটা ৰেকৰ্ড সৃষ্টি কৰি যায় ।

জন্মদিনত যুৱৰাজৰ মহান অভিলেখ স্মৰণ বিচিচিআইৰ

যুৱৰাজ সিং প্ৰথমে এগৰাকী বাঁওহতীয়া বিস্ফোৰক বেটছমেন হিচাপে চৰ্চালৈ আহিছিল । তেওঁ ভাৰতৰ অনূৰ্ধ্ব-১৯ দলৰ হৈ খেলি থাকোঁতে শ্ৰীলংকাৰ বিৰুদ্ধে ৫৫ টা বলত ৮৯ ৰাণৰ ইনিংছটোৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল । তেওঁ ২০০০ চনত অনূৰ্ধ্ব-১৯ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ সদস্য হিচাপে তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে মেন অব দ্য ছিৰিজ বঁটা লাভ কৰিছিল । ইয়াৰ পিছতে তেওঁ 2000 চনত ভাৰতীয় দলত যোগদানৰ সুযোগ লাভ কৰে ।

যদিও ২০০১ আৰু ২০০২ চনত দুৰ্বল ফৰ্মৰ বাবে যুৱৰাজক দলৰ পৰা বাদ দিয়া হৈছিল, তেওঁ একে বছৰতে জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ৰাষ্ট্ৰীয় দললৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰে । উক্ত মেচত যুৱৰাজে ৬৩ টা বলত ৬৯ ৰাণ সংগ্ৰহ কৰি ভাৰতক বিজয়ৰ দিশে আগবঢ়াই লৈ যায় ।

এগৰাকী বাঁওহতীয়া বিস্ফোৰক বেটছমেন হিচাপে যুৱৰাজ সিঙক ২০০৭ চনত টি-২০ বিশ্বকাপত দলৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছিল । উক্ত বিশ্বকাপত তেওঁ ইংলেণ্ডৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অ'ভাৰত ৬ টা ছয় কোবাই ইতিহাস সৃষ্টি কৰে (Yuvraj Sing T20 record) । ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত তেওঁৰ 30 টা বলত 70 ৰাণে দলটোক ফাইনেলত উপনীত হোৱাত সহায় কৰে ।

ইয়াৰ উপৰি তেওঁৰ অলৰাউণ্ডাৰ প্ৰদৰ্শনৰ বাবে বিশ্বকাপ 2011 ত তেওঁ 'মেন অব দ্য ছিৰিজ' বঁটাও লাভ কৰে । উক্ত বিশ্বকাপত যুৱৰাজে 300-ৰো অধিক ৰাণ সংগ্ৰহ কৰে আৰু 15 টা উইকেট দখল কৰে ।

বিশ্বকাপ ২০১১-ৰ পিছত যুৱৰাজৰ কেৰিয়াৰত এটা কঠিন সময় আহি পৰে । তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পিছত দুৰ্বল হৈ পৰে । ফলত তেওঁ চিকিৎসাৰ বাবে আমেৰিকালৈ যায় আৰু দুবছৰ পিছত আৰোগ্য হৈ দললৈ উভতে । কিন্তু অস্ত্ৰোপচাৰৰ পিছত কিছু ভাল ইনিংছ খেলিলেও যুৱৰাজ বৰ্তমান ফিটনেছৰ সমস্যাৰ বাবে ভাৰতীয় দলৰ বাহিৰত আছে । তাৰ পিছত তেওঁ কেৱল আই পি এলতে সীমাবদ্ধ থাকে ।

লগতে পঢ়ক :Bhupen Borah Poem: ভূপেন বৰাৰ কবিতাত ’সুৰ’ বিচাৰি চলাথ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details