ETV Bharat / state

Bhupen Borah Poem: ভূপেন বৰাৰ কবিতাত ’সুৰ’ বিচাৰি চলাথ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

author img

By

Published : Dec 12, 2022, 11:24 AM IST

ভূপেন বৰাৰ কবিতাত ’সুৰ’ বিচাৰি চলাথ কৰিছে একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi)৷ দাদা হিচাবে সম্বোধন কৰিয়েই ভূপেন বৰাৰ প্ৰতি জনালে আহ্বান, ‘‘ভূপেন দা, আপুন কবিতা লেখা এৰক’’ ৷

Bhupen Borah Poem
ভূপেন বৰাৰ কবিতাত ’সুৰ’ বিচাৰি চলাথ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

ভূপেন বৰাৰ কবিতাত ’সুৰ’ বিচাৰি চলাথ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে

আমগুৰি, ১২ ডিচেম্বৰ : শেহতীয়াকৈ বিশেষভাৱে চৰ্চিত হৈছে ‘ভূপেন বৰাৰ কবিতা’ (Poem of Bhupen Borah)৷ বহুতে হাঁহিৰ খোৰাক হিচাবে গ্ৰহণ কৰিছে বৰাৰ কবিতাক ৷ একাংশই ভূপেন বৰাৰ কবিতাসমূহত বিচাৰি পাইছে চৰকাৰলৈ বুলি নিক্ষেপ কৰা শেল ৷ সমান্তৰালকৈ শাসকীয় দলৰ নেতা-পালিনেতা, সমৰ্থকেও কৰিছে সমালোচনা ৷ এই সমালোচনা ইতিবাচকেই হওক অথবা নেতিবাচকেই হওক, কোনেও আওকাণ কৰিব পৰা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিতাক ৷

ৰাজনৈতিক পটভূমিত শাসকীয় দল, চৰকাৰক সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কেইবাটাও কবিতা লিখি উলিয়াইছে ৷ কিন্তু এই কবিতাসমূহৰ মাজত ‘সুৰ’ বিচাৰি পোৱা নাই ভূপেন বৰাৰ একালৰ সতীৰ্থ তথা বৰ্তমানৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi)৷ লিখিত ৰূপত থকা কবিতাৰ মাজত ‘সুৰ’ বিচাৰি চলাথ কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অৱশ্যে ‘ভূপেন বৰাৰ ভাল হওক’ বুলি ভাবিয়েই আগবঢ়াইছে দুই-এটা পৰামৰ্শ ৷

বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ পূৰ্বে যিহেতু মৰিয়নীৰ বিধায়কগৰাকী কংগ্ৰেছ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আছিল, সেয়েহে ভূপেন বৰাৰ প্ৰতি বৰ এটা বেয়া ভাৱ এতিয়াও ৰখা নাই ৷ সেয়ে ‘দাদা’ হিচাবে অতীজৰে পৰা সম্বোধন কৰি অহা মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভূপেন বৰাৰ প্ৰতি আহ্বান জনালে এনেদেৰে, ‘‘ভূপেন দা, কবিতা লেখা এৰক ৷ আপোনাৰ যিখিনি জনপ্ৰিয়তা আছে, নাইকিয়া হৈ যাব’’৷

বিধায়ক কুৰ্মীয়ে লগতে ‘কবিতাৰ সমালোচক’ হিচাবেও আগবঢ়ালে বিশেষ মন্তব্য ৷ ভূপেন বৰাৰ কবিতাৰ সন্দৰ্ভত বিধায়কগৰাকীৰ মন্তব্য এনেধৰণৰ, ‘‘ভূপেন বৰাই ফ্লপ কবিতা লিখিছে ৷ সুৰ নাই, কথাত মিল নাই’’৷ কবিতাৰ মাজত সুৰ বিচাৰি থকা ভূপেন বৰাৰ একালৰ সতীৰ্থগৰাকীয়ে বিজেপিত যোগদান কৰিলেও হয়তো পাহৰিব পৰা নাই পূৰ্বৰ দলটোক ৷ সেয়েহে কংগ্ৰেছ দল বৰ্তমান কি অৱস্থাত আছে, কিয় এনে অৱস্থাত থাকিবলগীয়া হৈছে আদিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি আছে, বিশ্লেষণ কৰি আছে কাৰণসমূহ (Rupjyoti Kurmi criticises Congress party)৷

প্ৰায় এবছৰ পূৰ্বলৈকে কংগ্ৰেছ দলৰ নীতি-আদৰ্শত দেহ-মন সঁপি দিয়া বিধায়ক কুৰ্মীয়ে কংগ্ৰেছ দলৰ প্ৰতি থকা তেওঁৰ ধাৰণা প্ৰকাশ কৰিলে এনেদৰে, ‘‘কংগ্ৰেছ এখন ডুবন্ত নাও । এচাম পৰিয়ালৰ মাজত সিদ্ধান্ত লোৱাৰ বাবে কংগ্ৰেছ এখন ডুবন্ত নাৱলৈ পৰিৱৰ্তন হ'ল । দুখীয়া মানুহৰ দুৰ্দশাৰ কথা নুশুনাৰ বাবে, বিভিন্ন জাতি-জনগোষ্ঠীৰ আবেগ নুশুনাৰ বাবে কংগ্ৰেছ দল নিঃশেষ হ'বলৈ ধৰিছে ।’’

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শেহতীয়াকৈ বহুকেইটা ‘ৰাজনৈতিক কবিতা’ লিখি ইতিবাচক-নেতিবাচক সমালোচনাৰ পাত্ৰ হোৱাৰ সময়তে দেওবাৰে কৰিছিল এক বিশেষ ঘোষণা ৷ কবিতাক লৈ আৰু বহুত কিবা-কিবা চিন্তা কৰিছে ভূপেন বৰাই ৷ শেহতীয়াকৈ কাব্য চৰ্চাত বিশেষ গুৰুত্ব প্ৰদান কৰা বৰাই নতুন বছৰত প্ৰকাশ কৰিব কবিতাৰ সংকলন (Poem book of Bhupen Borah)৷ হয়তো বৰাৰ এয়া নতুন বছৰৰ পৰিকল্পনা ৷ অৱশ্যে উক্ত কবিতাসমূহত একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মীয়ে বিচাৰি থকা ‘সুৰ’ সন্নিৱিষ্ট কৰিবনে নকৰে সেই কথা কবি ভূপেন বৰাই সিদ্ধান্ত ল’ব পৰৱৰ্তী সৃষ্টিৰ সময়ত ৷

লগতে পঢ়ক : Bhupen Borah Poem: ভাৰত জোড়ো-কাব্যচৰ্চা সমানে চলাইছে ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.