অসম

assam

Tripura CM tested Covid positive : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ক’ভিড পজিটিভ

By

Published : Jul 20, 2022, 10:33 PM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ক’ভিডত আক্ৰান্ত(Tripura CM tested Covid positive) ৷ টুইটযোগে এই কথা জনালে খোদ মুখ্যমন্ত্ৰীয়ে ৷

Tripura CM tested Covid positive
Tripura CM tested Covid positive

আগৰতলা, 20 জুলাই: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা ক’ভিডত আক্ৰান্ত (Tripura CM tested Covid positive)। আজি পুৱা আগৰতলাৰ ইন্দিৰা গান্ধী মেম’ৰিয়েল হাস্পতাল কমপ্লেক্সত নৱনিৰ্মিত প্ৰেচাৰ ছুইং এডছ’ৰ্পচন (পি এছ এ) প্লাণ্ট আৰু সংস্কাৰ কৰা পুখুৰী উদ্বোধন কৰা ডাঃ সাহাৰ সন্ধিয়া ক’ভিড পজিটিভ ধৰা পৰে ।

টুইটযোগে মুখ্যমন্ত্ৰী ডাঃ সাহাই কয়, ‘আজি মোৰ টেষ্টত Covid-19 পজিটিভ পোৱা গৈছে । মই একেবাৰে ফিট আৰু ফাইন ৷ কোনো লক্ষণ নাই । মোৰ সংস্পৰ্শলৈ অহা সকলোকে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছো” ।

প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰি কয়, মাতা ত্ৰিপুৰসুন্দৰীলৈ আপোনাৰ আশু আৰু সম্পূৰ্ণ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।

লগতে পঢ়ক:Presidential candidate Draupadi Murmu: দ্ৰৌপদী মুৰ্মুৰ সৈতে অসমত সাত দিন কটাছিল ৰুক্মিণীয়ে

ABOUT THE AUTHOR

...view details